বিশেষ বাৰ্তা, ২৭ আগষ্টঃ এক ডাৱল মাৰ্ডাৰৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰথমে ভাড়াতীয়া হিচাপে থকা এগৰাকী প্ৰতিৱেশীক স্ক্ৰু ড্ৰাইভাৰৰে হানি-খুচি হত্যা কৰাৰ পাছত ডিব্ৰুগড়ৰ মেডিকেল চিকিৎসাধীন হৈ থকা অৱস্থাতে অভিভাৱক ৰূপে থকা নিজ পত্নীক হত্যা কৰাৰ লগতে নিজও আত্মহত্যা কৰা ঘটনাই সমগ্ৰতে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়তে সংঘটিত হৈছে এই ভয়ংকৰ লোমহৰ্ষক ঘটনা।এজন অভিযুক্ত সহ পত্নীৰ মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।জানিব পৰামতে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে অভিযুক্ত ৰঞ্জিত দাসসহ পত্নী মধস্মিতা দাসক মেডিকেলৰ স্নানাগাৰত ৰক্তাক্ত অৱস্থাত দুয়োকে উদ্ধাৰ কৰা হয় যদিও পত্নী মধুস্মিতাক মৃত অৱস্থাত আৰু আচামী ৰঞ্জিত দাসক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে কালি বিয়লি মৃত্যু হয়।সন্দেহ কৰামতে আচামী ৰঞ্জিত দাসে প্ৰথমে ব্লিডেৰে পত্নীক ডিঙিত ৰেপি হত্যা কৰাৰ পাছত নিজেও আত্মহত্যা কৰাৰ চেষ্টা চলায়।অসম চিকিৎসা মহাবিদ্যালয়ৰ প্লাষ্টিক চাৰ্জাৰী বিভাগত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে।ডিব্ৰুগড় আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুযায়ী পত্নী মধুস্মিতা দাসক প্ৰথমে হত্যা কৰি ৰঞ্জিত দাস নামৰ অভিযুক্ত স্বামীৰ আত্মহত্যাৰ সন্দেহ প্ৰকাশ কৰিছে।উল্লেখ্য যে তিনিচুকীয়াৰ চহৰৰ মিচনপাৰাৰ এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ৰঞ্জিত দাসক যোৱা ১৫ আগষ্টত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল।আৰক্ষী জিম্মাতে এছিড খাই আত্মহত্যাৰ চেষ্টা কৰা পাছতেই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল আৰু অভিযুক্ত ৰঞ্জিত দাসৰ পত্নী মধুস্মিতা অভিভাৱকৰূপে লগত আছিল।
অসম মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ঘটনাতো যথেষ্ট দুৰ্ভাগ্যজনক।এজন হত্যাত অভিযুক্ত আচামী ৰঞ্জিত দাসক চিকিৎসাৰ বাবে যোৱা ১৫ আগষ্টত মেডিকেলৰ প্লাষ্টিক চাৰ্জাৰী ৱাৰ্ডত ভৰ্তি কৰোৱা হয়।যিহেতুকে আচামী ৰোগী ৰঞ্জিত দাসে এচিড সেৱন কৰাত শৰীৰত জ্বলন হৈছিল।সেই মৰ্মে সকলো চিকিৎসা কৰাৰ লগতে মানসিক চিকিৎসাও কৰা হৈছিল।তেঁওৰ লগত পত্নী মধুস্মিতা দাস অভিভাৱকৰূপে আছিল।পৰহি পুৱতি নিশাৰ ভাগত ৱাৰ্ডৰ স্নাগাৰত ৰঞ্জিত দাস আৰু পত্নী সোমোৱা পাছত বহু সময় পৰ্যন্ত উলাই নহাত কাষৰ ৰোগীয়ে মেডিকেলৰ কতৃপক্ষক এই বিষয়ে অৱগত কৰে।সকলোৰে সন্দেহ হোৱাত স্নাগাৰৰ দোৱাৰৰ ওপৰৰে চোৱাত তেজৰে তুমৰলি হৈ পৰি থকা প্ৰত্যক্ষ কৰে।সেয়ে আৰক্ষীৰ উপস্থিতিত দোৱাৰ ভাঙি চাওঁতে উদ্ধাৰ হয় দুটাকৈ ৰক্তাক্ত দেহ।পত্নী মধুস্মিতা ঘটনা স্থলিতে মৃত্যু হয় যদিও ৰঞ্জিত দাস তেতিয়াও জীবিত অৱস্থাত আছিল।সেয়ে ততাতৈয়াকৈ মেডিকেলৰ ইএনটি বিভাগত চিকিৎসাধীন কৰোৱা হয় যদিও বিয়লি আচামী ৰঞ্জিত দাসৰ মৃত্যু হয়।চাৰিজনকৈ অসম আৰক্ষী জোৱানে পহৰা দি থকাৰ মাজতেই এনেকৈ আত্মহত্যা কৰিব লগীয়া বিষয়তো অত্যন্ত দুৰ্ভাগ্যজনক।
তাৰোপৰি সমগ্ৰ ঘটনা আৰক্ষীৰ নিৰাপত্তা বেস্তনীৰ মাজত হৈছে।সেয়ে সেই বিষয়ত আমাৰ বিশেষ কব লগীয়া নাই বুলি অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে সদৰী কৰে।চিকিৎসা প্ৰদান কৰি ৰোগীক সম্পূৰ্ণ সুস্থ কৰি তোলাই চিকিৎসকৰ প্ৰধানকৈ কৰ্তব্য আৰু দায়িত্ব বুলিও উল্লেখ কৰে অধ্যক্ষ ডাঃ কাকতিয়ে।আনহাতেদি আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজত এনেদৰে হত্যাৰ অভিযোগত অভিযুক্ত এজন হত্যাকাৰীয়ে নিজৰ চিকিৎসাৰ সময়ত সহায়ক হিচাপে থকা পত্নীক হত্যা কৰি নিজেও আত্মহত্যা কৰা ঘটনাই স্বাভাৱিকতে বহু কৌতূহলৰ লগতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।অন্যহাতে ডিব্ৰুগড়ত দুটাকৈ ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে তিনিচুকীয়াৰ লগতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়। ঘটনা অনুসৰি যোৱা ১৪ আগষ্টৰ নিশা তিনিচুকীয়াৰ মিছনপাৰাত ভাৰাতীয়া হিচাপে থকা ৰঞ্জিত দাস নামৰ এজন লোকে কাষতে ভাড়াতীয়া হিছাপে থকা ৰাজা চক্ৰৱৰ্তী নামৰ এজন লোকক সামান্য কথাৰ বাবে স্ক্ৰু-ডাইভাৰেৰে খুচি খুচি হত্যা কৰে।ইফালে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে ৰাজা চক্ৰৱৰ্তীৰ খুৰীয়েক মণী চক্ৰবৰ্তীয়ে তিনিচুকীয়াৰ সদৰ থানাত ঘটনা সম্পৰ্কে দাখিল কৰে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়া সদৰ থানাত ৭৬৪/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি ৰঞ্জিত দাস নামৰ লোকজনক ভাড়াঘৰত বিচাৰি যায় যদিও লোকজনে নিজৰ মুখমণ্ডলত এচিড জাতীয় পদাৰ্থ ঢালি লৈ গুৰুতৰভাৱে আহত হোৱা অৱস্থাত উদ্ধাৰ কৰে।
পৰবৰ্তী সময়ত লোকজনক তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পিছতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।ৰঞ্জিত দাস নামৰ লোকজন যোৱা ১৫ আগষ্টৰ পৰা ডিব্ৰুগড়ৰ অসম মেডিকেলত চিকিৎসাধীন হৈ থকাৰ সময়তে ২৬ আগষ্ট তাৰিখে পুৱতি নিশা পুনৰ নিজ পত্নী মধুস্মিতা দাসক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ বাথৰুমত ডিঙিত ব্লেডেৰে কাটি হত্যা কৰাৰ লগতে নিজেও ব্লেডেৰে কাটি আত্মহত্যা কৰা ঘটনাই সকলোকে হতবাক কৰি তুলিছে।প্ৰকৃততে কি কাৰনত ৰাজা চক্ৰৱৰ্তী নামৰ লোকজনক হত্যা কৰাৰ লগতে নিজ পত্নী মধুস্মিতাকো হত্যা কৰি নিজেও আত্মহত্যাৰ দৰে চৰম পন্ঠা লব লগীয়া হল,সেয়া আৰক্ষীৰ প্ৰকৃত তদন্ততহে সকলো ফাদিল হব বুলি সকলোৱে আশা কৰিছে।
প্ৰেৰক বিভাস দুৱৰা