নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণত খেলিমেলি হোৱাৰ অভিযোগ সন্দৰ্ভত তদন্তৰ দাবী বিজেপিৰ

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণৰ সময়ত খেলিমেলি হোৱাৰ বিষয়টো লৈ সৰৱ হৈ উঠিছে ধুবুৰী জিলা বিজেপিয়ে। আজি দলটোৰ জিলা সভাপতি প্ৰসেনজিৎ দত্তই দলটোৱে দূৰ্নীতিৰ বিৰূদ্ধে শূণ্য সহনশীলতাৰ নীতিৰে চলে বুলি উনুকিয়ায় আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণ কৰাৰ সময়ত খেলি—মেলি হোৱাৰ অভিযোগৰ তদন্তৰ দাৱী জনায়। ল’গতে তদন্তত পোৱা দোষী ব্যক্তিক কঠোৰ শাস্তি দিয়াৰো দাৱী জনাইছে বিজেপিৰ জিলা সভাপতিগৰাকী। উল্লেখ্য যে, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণৰ সময়ত উদ্দেশ্য প্ৰণোদিত ভাৱে খেলিমেলি কৰা হোৱাৰ এক অভিযোগৰ ভিত্তিত চলোৱা এক অনুসন্ধানত চাৰিটা দাগ নম্বৰৰ বিপৰীতে কেইবাটাও ভূয়া দলিল ব্যৱহাৰ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ধুবুৰীৰ জ্যেষ্ঠ উপ–পঞ্জীয়কৰ কাৰ্য্যালয়লৈ সত্যতা নিৰূপণন কৰিবলৈ পঠিওৱা ২০টা দলিলৰ ৮টা দলিলেই ভূয়া বুলি নিশ্চিত হোৱা বুলি ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসে সাংবাদিকৰ সন্মুখত সদৰি কৰিছে। ভূয়া সেই দলিলবোৰ ২০০৪, ২০০৫, ২০০৭, ২০০৮, ২০১১ চনকে ধৰি বিভিন্ন সময়ৰ বুলি অৱগত কৰাৰ ল’গতে সেই সময়বোৰত বিভিন্ন মণ্ডল কৰ্মৰত আছিল বুলিও জনাইছে বিষয়াগৰাকীয়ে। আনকি এই ঘটনাই ভূয়া দলিল বনোৱাৰ এক চিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ আছে নেকি বুলিও স্বয়ং চক্ৰ বিষয়াগৰাকীয়েই সন্দেহ প্ৰকাশ কৰা পোৱা গৈছে। আনহাতে, সম্পূৰ্ণ বিষয়টো বিচাৰাধীন অৱস্থাত থকা হেতুকে আদালতৰ নিৰ্দেশনাৰ পিছতেই বিষয়টো লৈ পদক্ষেপ লোৱা হ’ব বুলিও জনাইছে বিষয়াগৰাকীয়ে। ইপিনে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণৰ সময়ত কোনো চক্ৰই ভূয়া দলিল ব্যৱহাৰ কৰাৰ ঘটনাটো এক গম্ভীৰ অপৰাধ বুলিয়েই উচ্চাৰিত হৈছে আৰু বিষয়টো লৈ এক উচ্চস্তৰীয় তদন্তৰ পোষকতা কৰা পোৱা গৈছে বহুতেই। ইয়াতে উল্লেখনীয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত বিগত বছৰৰ অৰ্থ্যাৎ ২০ ছেপ্টেম্বৰ নিশাৰ পৰাৰ আৰম্ভ কৰা অভিযানত ধুবুৰী আৰক্ষীয়ে জিলাখনৰ পৰা কৰায়ত্ব কৰিছিল প্ৰতিষ্ঠিত ব্যৱসায়ী, চৰকাৰী মণ্ডলকে ধৰি ২২ গৰাকীৰো অধিক হাই প্ৰফাইল মাটিৰ দালাল। এনে প্ৰেক্ষাপটত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মাটিৰ দালাল বিৰোধী কঠোৰ স্থিতি লোৱা স্বত্বেও এইদৰে চৰকাৰী চিকিৎসা মহাবিদ্যালয় এখনৰ ভূমি অধিগ্ৰবণৰ সময়ত দুষ্ট চক্ৰ এটাই খেলি–মেলি কৰাৰ এই ঘটনাই এতিয়া সৰ্বত্ৰই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like