৩০ শতাংশ বৰষুণ হ্রাসঃ ৰাজ্যলৈ নমাইছে খৰাংসদৃশ পৰিস্থিতি
- ৫ জিলাত ৪০,০০০ হেক্টৰ কৃষিভূমিৰ খৰাঙৰ প্রভাৱ
- ২৮ লাখ খেতিয়ক পৰিয়াল ক্ষতিগ্রস্ত
- ১০.০৬ লাখ হেক্টৰ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ চলিত বর্ষত দুটাকৈ প্রলয়ংকৰী বানে ৰাজ্যৰ কৃষিখণ্ডত অভাৱনীয় ক্ষতি কৰাৰ পাছত এইবাৰ খৰাংসদৃশ পৰিৱেশৰ কবলত পৰিছে কেইবাখনো জিলা৷ বাৰিষাৰ এই সময়ছোৱাত বৰষুণৰ পৰিমাণ অস্বাভাৱিক হাৰত হ্রাস পোৱাৰ পৰিপ্রেক্ষিততে বিস্তৰ ক্ষতিৰ সম্নুখীন হৈছে কৃষক জনতা৷ বিশেষকৈ শালি খেতিৰ এই সময়ছোৱাত পথাৰত হোৱা খৰাংসদৃশ পৰিৱেশে কৃষিখণ্ডত বিৰূপ প্রভাৱ পেলোৱাটো স্পষ্ট কৰি তুলিছে৷
উল্লেখ্য যে বাৰিষাৰ এই সময়ছোৱাত অসমত সর্বাধিক হাৰত বৰষুণ হয় যদিও জুনৰ পৰা আগষ্ট মাহৰ এই সময়ছোৱাত হঠাৎ বৰষুণৰ পৰিমাণ হ্রাস পোৱাটোৱে খেতিয়কক বিমোৰত পেলোৱাই নহয়, পৰিৱেশ জটিল কৰি তুলিছে৷ বতৰ বিজ্ঞানৰ তথ্য অনুসৰি এই সময়ছোৱাত অসমত বৰষুণৰ পৰিমাণ ১,০৭৬ মিলিমিটাৰলৈ হ্রাস পাইছে বৰষুণৰ পৰিমাণ৷ বিগত বর্ষৰ আগষ্ট মাহৰ এই সময়ছোৱাত বৰষুণৰ পৰিমাণ আছিল ১,১৭৩ মিলিমিটাৰ৷ আনহাতে ২০২০ চনত এই সয়মছোৱাত ৰাজ্যত বৰষুণ হৈছিল ১,৭১৫ মিলিমিটাৰ৷ একেদৰে ২০১৯ চনত আগষ্ট মাহত বৰষুণৰ পৰিমাণ আছিল ১,৩৫৭ মিলিমিটাৰ৷ ইয়াৰ বিপৰীতে বর্তমান বৰষুণৰ পৰিমাণ অভাৱনীয় হাৰত হ্রাস পোৱাৰ ফলত খেতিৰ এই সময়ছোৱাত পথাৰত ছিঁৰাল ফাট দিছে৷ পৰিতাপৰ বিষয়টো হ’ল যে বৰষুণৰ ওপৰত নির্ভৰশীল অসমৰ কৃষিখণ্ডত এতিয়াও জলসিঞ্চন ব্যৱস্থা অতি নিম্ন পর্যায়ত আছে৷ বাৰিষাৰ এই সময়ছোৱাত বৰষুণে কৃষক ৰাইজক সহায় কৰি অহাৰ বিপৰীতে জলসিঞ্চন ব্যৱস্থা নিম্নগামী হোৱাই নহয়, একাধিক পানী যোগান আঁচনি প্রতিবর্ষতে বিফল হৈ আহিছে৷
খোদ জলসিঞ্চন বিভাগৰ তথ্য অনুসৰি বিভাগটোৱে ৰাজ্যত ২৫ শতাংশ কৃষিভূমিতহে পানী যোগান ধৰিবলৈ সক্ষম হৈছে৷ অর্থাৎ ১০.০৬ লাখ হেক্টৰ কৃষিভূমিতহে পানী যোগান ধৰিবলৈ সমর্থ হৈছে বিভাগটোৱে৷ এনে পৰিস্থিতিত খৰাংসদৃশ এই পৰিৱেশত খেতিয়কে বৰষুণৰ বাবে বাট চাই ৰ’বলগীয়া হৈছে৷ ইফালে কৃষি বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ পাঁচখন জিলাত খৰাংসদৃশ পৰিৱেশে যথেষ্ট ক্ষতি কৰিছে৷ প্রায় ৪০ হাজাৰ হেক্টৰ কৃষিভূমিত এই খৰাঙৰ প্রভাৱ পৰিছে৷ বিশেষকৈ লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ধেমাজি জিলাত খৰাংসদৃশ এই পৰিৱেশে কৃষিকার্যত প্রভাৱ পেলোৱাই নহয়, ধান উৎপাদনো হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ লখিমপুৰ জিলাৰ নাওবৈচা, বিহপুৰীয়া, নাৰায়ণপুৰ, ঢ়কুৱাখনা আদি অঞ্চলত পানীৰ অভাৱত শালি খেতিৰ যথেষ্ট ক্ষতি হৈছে৷ জিলাখনত ধান উৎপাদনৰ প্রতি লক্ষ্য ৰাখি জলসিঞ্চন বিভাগে কেইবাখনো পানী যোগান আঁচনি লৈছিল যদিও এখনো আঁচনি কার্যক্ষম হৈ নথকাত এই সময়ছোৱাত পানীৰ বাবে কৃষক ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে৷
কৃষি বিশ্ববিদ্যালয়ৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্রই এই সময়ছোৱাতে আন এক উদ্বেগজনক বিষয় প্রকাশ কৰিছে৷ সেই অনুসৰি খৰাং বতৰৰ বাবে ধান উৎপাদনত প্রভাৱ পৰাৰ সম্ভাৱনাৰ সমান্তৰালভাৱে শুকান পথাৰত কীট–পতংগৰো সংক্রমণ বৃদ্ধি হ’ব পাৰে৷ বিশেষকৈ চাউলহিস্পা, পলু আৰু নিগনিৰ সংখ্যা এই সময়ছোৱাত বৃদ্ধি পায়৷ আনহাতে ইণ্ডিয়ান মেট্র’লজিকেল ডিপার্টমেণ্ট (আই এম ডি)এ প্রকাশ কৰা তথ্য অনুসৰি বিগত বর্ষতকৈ এইবাৰ বাৰিষাত অসমত জুন মাহৰ পৰা ছেপ্ঢেম্বৰ মাহৰ ভিতৰত প্রায় ২৩ শতাংশ বৰষুণ ঘাটি হ’ব৷ ফলত সর্বাধিক ক্ষতি হ’ব শালি খেতিত৷ জুন মাহৰ বানে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ কৃষিভূমিত বিস্তৰ ক্ষতি কৰাৰ পাছত এইবাৰ খৰাং বতৰে সৃষ্টি কৰা পৰিৱেশে কৃষকক আর্থিকভাৱে ভয়াৱহ লোকচানৰ দিশে ঠেলি দিয়াটো প্রায় নিশ্চিত হৈছে৷ বানৰ পাছত পৰিস্থিতি চম্ভালি বানাক্রান্ত অঞ্চলত প্রায় ১১ লাখ ভূমিত শালি খেতিৰ ধান ৰোৱা হৈছিল যদিও খৰাং বতৰৰ ফলত উৎপাদনত প্রভাৱ পেলোৱাটো প্রায় নিশ্চিত হৈছে৷