নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা; উদ্বোধন কৰিব উত্তৰ–পূবৰ বিজেপিৰ মুখ্য কার্যালয়

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ  দলৰ সাংগঠনিক দিশ পর্যবেক্ষণ তথা উত্তৰ–পূবত বিজেপিৰ সক্রিয়তাৰ উমান ল’বলৈ আজি গুৱাহাটীত উপস্থিত হ’ব শাসকীয় দলটোৰ ৰাষ্ট্রীয় সভাপতি জগত প্রসাদ নাড্ডা৷ মুখ্যতঃ মহানগৰীৰ উজান বজাৰস্থিত বিজেপিৰ উত্তৰ–পূব কার্যালয় ‘পদ্ম ভৱন’ৰ শুভাৰম্ভৰ উদ্দেশ্যে আজি বিয়লিৰ ভাগত গুৱাহাটীত উপস্থিত হ’ব লগা নাড্ডাক সংগ দিব উত্তৰ–পূবৰ তিনিগৰাকীকৈ কেন্দ্রীয় মন্ত্রী ক্রমে সর্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী আৰু কিৰেণ ৰিজিজুৱে৷ তদুপৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীৰ সৈতে থাকিব অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ লগতে আন তিনিগৰাকীকৈ মুখ্যমন্ত্রী আৰু উত্তৰ–পূবৰ আঠখন ৰাজ্যৰ সভাপতিকে ধৰি কেন্দ্রীয় আৰু ৰাজ্যিক নেতৃত্ব৷ পদ্ম ভৱনৰ শুভাৰম্ভৰ লগতে ৰাষ্ট্রীয় সভাপতি নাড্ডাই বিয়লি ৫ বজাত মাছখোৱাস্থিত আই টি চেণ্টাৰত দলীয় কার্যকর্তাক সম্বোধন কৰিব৷

You might also like