নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল সীমান্তৰ বিবদমান নামচাং চাহ বাগিচা পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অৰুণাচল প্ৰদেশৰ সৈতে থকা সীমা সমস্যা সমূহ দূৰ কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অংশস্বৰূপে ইতিমধ্যেই অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা অন্যান্য শীৰ্ষ বিষয়া বৰ্গৰ সৈতে ৰাজ্যখনৰ নামচাইত আলোচনাত মিলিত হোৱাৰ পিছত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বিবদমান নামচাং চাহ বাগিচা অঞ্চলটো যোৱা ১০ আগষ্ট তাৰিখে দুই ৰাজ্যৰ মন্ত্ৰী বিধায়কৰ লগতে প্ৰশাসনৰ এক উচ্চস্তৰীয় দলে ভ্ৰমণ কৰাৰ লগতে নাহৰকটীয়াৰ জয়পুৰত অৱস্থিত বনবিভাগৰ পৰিদৰ্শন বঙলাত এক আলোচনাত মিলিত হৈছিল। প্ৰণিধানযোগ্য যে নাহৰকটীয়া সমষ্টিৰ জয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা অসম অৰুণাচল সীমান্তৰ অন্তিমখন চাহ বাগিচা নামচাং আৰু পুৱেৰুণ বস্তি নামৰ তথা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পাহাৰীয়া একা বেঁকা অতি দুৰ্গম পথেৰে প্ৰায় ১০ কিলোমিটাৰ পথ অতিক্রম কৰিলে পোৱা পাণ্ডৱ বৰ্জিত এই বিবাদমান অঞ্চলটোক লৈ সৃষ্টি হোৱা এই বিবাদক যাতে সুস্থ ভাবে নিষ্পত্তি কৰিব পাৰি সেই উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা দুই ৰাজ্যৰ সীমা নিৰ্ধাৰণ সমিতিৰ এই সভাত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্ৰ, স্থানীয় ৰাজহ চক্ৰ বিষয়া আদি উপস্থিত থকাৰ বিপৰীতে অৰুনাচল প্ৰদেশৰ সীমা নিৰ্দ্ধাৰণ সমিটিৰ হৈ জনস্বাস্থ্য কাৰিকৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী ৱাংকি লৱাং, বৰদুৰীয়াৰ বিধায়ক ৱাঙলিন লৱাঙডং, তিৰাপ জিলাৰ উপায়ুক্ত তাৰো মিজে, আৰক্ষী অধীক্ষক কাৰডক ৰিবা উপস্থিত আছিল। প্ৰণিধানযোগ্য যে প্ৰায় ঘণ্টাজোৰা বৈঠকৰ অন্তত দুয়োটা দলে বিবাদমান নামচাং অঞ্চল পৰিদৰ্শন কৰি দুই দলেই এই সমস্যাটো পাৰস্পৰিক বুজাপৰা আৰু দিপাক্ষিক আলোচনাৰে সমাধান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। ইয়াৰ পৰৱৰ্তী পয্যায়ত আজি এই অঞ্চলটোত উপস্থিত হয় গৈ অসম অৰুনাচল সীমা নিৰ্ধাৰণ কমিটিৰ অধ্যক্ষ তথা মন্ত্ৰী অতুল বৰা,সমিটিখনৰ সদস্য তথা বিধায়ক তৰংগ গগৈ,উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি সীমা নিৰ্ধাৰণ কমিটিৰ এটা দল। দলটোৱে বিবাদমান নামচাং অঞ্চলৰ সীমান্ত এলেকা পৰিদৰ্শন কৰাৰ অন্তত নামচাং চাহ বাগিছাৰ প্ৰেক্ষাগৃহত মন্ত্ৰী অতুল বৰাই স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰে। মনকৰিবলগীয়া যে মন্ত্ৰী সন্মুখতে নামচাঙৰ দুই সস্ৰাধিক স্থানীয় জনতাই জয় আই অসম ধ্বনি দিয়াৰ লগতেই আমি অসমীয়া আমি অসমতে থাকিম বুলি মন্তব্য কৰে।উল্লেখ্য যে বিগত সময়ত চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশে অসম অৰুনাচল সীমান্তৰ অসমৰ ভূখণ্ড নামচাং চাহ বাগিচা,পন্টন বস্তি বা পুৱেৰুণ বস্তি, লেবাংকুলা আদি এলেকা নিজৰ বুলি দাবী কৰিছিল যদিও দুই ৰাজ্যৰ সীমা নিৰ্ধাৰণ সমিটিৰ আলোচনাৰ অন্তত এই আটাইকেইখন গাওঁ অসমৰ হয় আৰু অসমৰে দখলত থাকিব বুলি প্ৰকাশ কৰাৰ পিছত শনিবাৰে মন্ত্ৰী অতুল বৰাই নামচাঙৰ ৰাইজৰ মতামত গ্ৰহণ কৰি নামচাং অসমৰ দখলতে থাকিব বুলি সংবাদ মাধ্যমৰ আগৰ প্ৰকাশ কৰে।আনহাতে বিধায়ক তৰংগ গগৈয়ে নামচাঙৰ জনতাৰ মতামত গ্ৰহণ কৰি এই প্ৰতিবেদন অহা ১৫ ছেপ্তেম্বৰৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰা হব বুলি প্ৰকাশ কৰাৰ লগতে অসমৰ ভূখণ্ড অৰুনাচলৰ দখলত নাযায় অসমতে থাকিব বুলি মন্তব্য কৰে। লক্ষণীয় যে অন্তৰাজ্যিক সীমা সমস্যা ক লৈ বিভিন্ন ৰাজ্যৰ লগত অসমৰ বিভিন্ন সংঘাত হৈ থকাৰ সময়তে এই পৰ্যন্ত ডিব্ৰুগড় জিলাৰ এই বিবদমান অঞ্চলটোক লৈ দুয়ো ৰাজ্যৰ মাজত কোনো উত্তেজনামূলক পৰিস্থিতি সৃষ্টি হোৱাৰ বিপৰীতে যি সৌহাদ্যমূলক আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান হোৱাৰ দিশলৈ আগবাঢ়িছে, তাক লৈ দুই ৰাজ্যৰ জনসাধাৰণেই সন্তুষ্টি প্ৰকাশ কৰাত লগতে আজি স্বয়ং সীমা নিৰ্দ্ধাৰণ সমিতিৰ অধ্যক্ষৰ সন্মুখতে নামচাং চাহ বাগিচাৰ জনসাধাৰণে চিৰদিন অসমৰ লগত থাকিম বুলি জয় আই অসম ধ্বনি দিয়া ঘটনাই অঞ্চলটো যে চিৰদিন অসমৰ লগতে থাকিব, সেই ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা
You might also like