নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত নীতি আয়োগ আৰু আই-টি-চি আৰ.জি.ভি.এনৰ গুৰুত্বপূৰ্ন বৈঠক

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ নীতি আয়োগ আৰু আই-টি-চি(ITC) আৰ.জি.ভি.এন(RGVN) ৰ উদ্যোগত আকাংক্ষিত জিলাৰ এখন সভা দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত শুকুৰবাৰে বিয়লি ২ বজাত অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত মাননীয়া শুভলক্ষ্মী ডেকা দে‍ৱ্যাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত দৰং জিলাৰ কৃষি বিষয়া জ্যোতিষ চন্দ্ৰ নাথ, মহকুমা কৃষি বিষয়া বি. তালুকদাৰ ৰাজবংশী ৰ লগতে উদ্যান শস্য বিভাগৰ বিষয়া, লিড বেংক মেনেজাৰ, জিলা পৰিষদৰ কাৰ্যাবাহী অভিযন্তাও উপস্থিত থাকে।
সভাত বিভাগ সমূহৰ মুৰব্বী সকলে জিলাখনৰ খেতিয়ক সকলৰ উন্নয়নৰ স্বাৰ্থত বিভাগ সমুহৰ আচনি সমূহ যথাযথভাৱে উপলব্ধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
সভাত ITC ৰ অতনু চেটাৰ্জীয়ে নিতি আয়োগৰ দ্বাৰা নিৰ্ধাৰিত পৰিকল্পনা সমূহৰ বিশদ ব্যাখ্যা আগবঢ়ায়। লগতে জিলাখনৰ তথ্য যোগান ধৰা মূল বিন্দু সমুহৰ বিষয়ত আলোকপাত কৰে। বিশষকৈ আদৰ্শ গাঁৱৰ সংপৃক্তকৰণ, বিভাগ সমূহৰ সৈতে খেতিয়কসকলৰ যোগাযোগ আৰু সজাগতা আৰু প্ৰদৰ্শনী মূলক ভাৱে শৌচালয়ৰ পৰা জৈৱিক সাৰ উৎপাদন, সৌৰচালিত জলসিন্ছন ব্যৱস্থা, এক জিলা এক উৎপাদন ৰ লগতে সৰিয়হৰ উৎপাদনৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰাৰ সিদ্ধান্ত লোৱা হয়।

You might also like