বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ৰাজ্যত অব্যাহত আছে অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন। বিভিন্ন জিলাত অনুপ্ৰবেশকাৰীৰ আগ্ৰাসনৰ ফলত খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। যাৰ বাবে খিলঞ্জীয়া লোকৰ ওপৰত অনুপ্ৰৱেশকাৰীৰ আক্রমণে অনাগত দিনৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। উল্লেখ্য যে যোৱা ২১ আগষ্টত ধুবুৰীৰ বিলাসীপাৰা বেলতলীৰ খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ ছফিলুদ্দিন শ্বেখ নাম লোকজনৰ আগ্ৰাসী অনুপ্ৰৱেশকাৰীৰ আক্ৰমণত মৃত্যু হৈছিল, যিটো অতি দুৰ্ভাগ্যজনক ঘটনা। আনহাতে আজি মৃত ছফিলুদ্দিনৰ ঘৰত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰী বৰুৱাই মৃতকৰ ঘৰত উপস্থিত হৈ আগ্ৰাসী অনুপ্ৰৱেশকাৰীক কঠোৰ সকীয়নিৰে কয় যে অসমত খিলঞ্জীয়াৰ অস্তিত্ব সংকটত পৰাটো কেতিয়াও সহ্য কৰা নহ’ব। খিলঞ্জীয়া লোকৰ সকলো দিশ সুৰক্ষিত কৰি ৰখাৰ বাবে বৰ্তমানৰ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ মূল দায়বদ্ধতা। জাতি-ধর্ম নির্বিশেষে সকলো খিলঞ্জীয়াৰ সুৰক্ষাৰ প্রতি চৰকাৰ দায়বদ্ধ আৰু খিলঞ্জীয়া লোকৰ লগত ঘটিত যিকোনো অপৰাধ কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে হুংকাৰ দিয়ে। ইফালে মৃত ছফিলুদ্দিন শ্বেখৰ বাসগৃহত উপস্থিত হৈ ভীতিগ্রস্থ অঞ্চলটোৰ লোকসকলক আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে মৃতকৰ পৰিয়ালটোলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।