শুৱালকুছিৰ শ্ৰীহাটীত বহু বছৰ ধৰি ভাৰাঘৰত জীৱন নিৰ্বাহ কৰা তৰুলতা দাস নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধ মাতৃ নিজৰ জীয়ৰিৰ দ্বাৰা অৱহেলিত হব লগা ঘটনাই বৃহত্তৰ অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে নিজৰ তিনি জীয়ৰীয়ে বৃদ্ধা মাতৃক নিৰ্মমভাৱে মাৰধৰ কৰি গুৱাহাটীৰ ৰাজপথত পেলাই থৈ পলায়ন কৰা ঘটনা পোহৰ লৈ অহাৰ পিছতেই তিনিও জীয়ৰিকে ৰাইজে ধিক্কাৰ দিছে৷
শুৱালকুছিৰ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে এই বৃদ্ধা মাতৃগৰাকীক উদ্ধাৰ কৰি শুৱালকুছি আৰক্ষীক অৰ্পণ কৰাৰ পিছত সমস্ত ঘটনা পোহৰলৈ আহে৷
জানিব পৰা মতে তৰুলতা দাসৰ স্বামী শ্ৰীহাটীৰ ভাৰাঘৰত থাকি কাঠ মিস্ত্ৰী হিচাপে কাম কৰি পৰিয়ালটি পোহপাল দিছিল৷ তেওঁলোকৰ তিনিটা কন্যা সন্তান হ’ল ক্ৰমে কবিতা দাস, মানসী দাস আৰু মঞ্জু দাস৷
পিতৃৰ মৃত্যুৰ পিছত মাতৃ তৰুলতা দাসে তিনিও জীয়ৰীক বিয়া দি তেওঁ নিঠৰুৱা হৈ পৰে ৷ বয়স বাঢ়ি অহাৰ লগে লগে বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ শৰীৰ ভাগৰুৱা হৈ পৰি কিছু পৰিমাণে অসুস্থ হৈ পৰাত ঘৰতে আৱদ্ধ হৈ পৰে৷
মাতৃৰ তেনে অৱস্থাত তিনিওগৰাকী বাই ভনীয়ে মাতৃৰ দ্বায়িত্ব লবলৈ অপৰাগতা প্ৰকাশ কৰি আলোচনা মৰ্মে গুৱাহাটীৰ এখন বৃদ্ধাশ্ৰমত থৈ আহে৷ বৃদ্ধাশ্ৰমত মাহত কিবা এটা সামান্য মাননি দিব লগা হোৱাত মননি দিবলৈ কোনোৱে হাত ঠেং নপতাত তেওঁলোকে কালি বৃদ্ধাশ্ৰমৰ পৰা আনি গুৱাহাটীৰ গড়চুত পথৰ দাতিত নিৰ্দয়ভাৱে নিজৰ মাতৃক এৰি থৈ গুচি আহে ৷
ইয়াৰ পিছত নিশা গড়চুক আৰক্ষীয়ে পথৰ দাঁতিৰ পৰা বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি শুৱালকুছি থানাত চমজাই দিয়ে ৷ শুৱালকুছিৰ আৰক্ষীয়ে বৃদ্ধাগৰাকীৰ পৰা জানিব পাৰি তিনিও জীয়ৰীক থানালৈ মাতি আনি মাতৃক চমজাই দিয়ে যদিও কোনো এজনীয়ে নিবলৈ সন্মত নোহোৱাত উপায়বিহীন হৈ শুৱালকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিকু বৰ্মনে লটাৰীৰ সহায়ত নিৰ্ধাৰণ কৰে মাতৃৰ আশ্ৰয়স্থল।
আৰক্ষীৰ প্ৰচেষ্টাত এতিয়াৰে পৰা প্ৰতিগৰাকী জীয়ৰীয়ে ১ সপ্তাহকৈ পোহ-পালন কৰিব লাগিব দুৰ্ভগীয়া মাতৃক। আৰক্ষীৰ এই ব্যতিক্ৰমী সিদ্ধান্তই মাতৃগৰাকীক সাময়িক আশ্ৰয় দিলে যদিও, প্ৰশ্ন হয়— লটাৰীৰত আবদ্ধ হোৱা মাতৃৰ এই মৰ্যাদাক কি বুলি ক’ব সমাজে! এয়াই হ’ল আজিৰ বাস্তৱ ছবি ৷
বিশেষ বাৰ্তা, শুৱালকুছি, ৩ জুন