নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত ভয়ানক অগ্নিকাণ্ডঃ জুইত জাহ গ’ল কেইবালাখ টকাৰ সামগ্ৰী

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ যোৱানিশা বজালী জিলা সদৰ পাঠশালা বজাৰৰ মাজমজিয়াত সংঘটিত এক ভয়ানক অগ্নিকাণ্ডত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত সম্পুৰ্ণৰূপে জাহ যায়৷ উল্লেখ্য যে পাঠশালা নগৰৰ মেইন চাৰিআলি চ’কৰ সমীপত দুৰ্গা ভৱন নামৰ এটা অট্টালিকাত অৱস্থিত ইউনিয়ন বেংকৰ তলত থকা থকা দোকান গৃহত যোৱা নিশা প্ৰায় ১০.১৫ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়৷ এই ভয়ানক অগ্নিকাণ্ডৰ ফলত “প্ৰিয়া ফেছন” নামৰ এখন কাপোৰৰ দোকান, “আভা চু ষ্টোৰ” নামৰ এখন চেন্দেলৰ দোকান আৰু “ডেনিম” নামৰ এখন পান দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ব্যৱাসায়িক প্ৰতিষ্ঠান কেইখন বন্ধ থকাৰ ফলত ভিতৰৰ ভয়ানক জুই আৰু ধোৱাই সমগ্ৰ অঞ্চল চানি ধৰে ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু ভালে সংখ্যক স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত বন্ধ দোকান কেইখনৰ চাটাৰৰ তলা ভাঙি অগ্ননিৰ্বাক বাহিনীক জুই নুমুৱাত সহায় কৰি দিয়ে৷ পাঠশালা অগ্নিনিৰ্বাপক বাহিনীকে ধৰি বিভিন্ন ঠাইৰ পৰা অহা চাৰিখন অগ্নি নিৰ্বাপক গাড়ীয়ে প্ৰায় তিনিঘণ্টা ধৰি চেষ্টা কৰি অগ্নি নিৰ্বাপনৰ কৰিবলৈ সক্ষম হয়৷ বিদ্যুৎৰ চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নি কাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ এই ভয়ানক অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ বহু লাখ টকাৰ সামগ্ৰী জুইত জাহ যায়৷ আনহাতে কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে এই অগ্নিকাণ্ডৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু অগ্নি নিৰ্বাপনত সহযোগ কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like