নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীজানত ৮৬৪ কিঃগ্ৰাঃ ভাং, ৪০ গ্ৰাম হেৰʼইনসহ ট্ৰাক জব্দ; ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ অসম-নাগালেণ্ড সীমান্তৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই ব্যাপক হাৰত নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে আজি পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এখন ট্ৰাক জব্দ কৰাৰ লগতে তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

 

প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত যোৱানিশা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক নিতুল শইকীয়া, স্বদন স্বৰ্গীয়াৰী, সহকাৰী উপ-পৰিদৰ্শক ভদ্ৰ কান্ত বৰাৰ সহযোগত খটখটী থানাৰ আৰক্ষী, চি আৰ পি এফ আৰু কমাণ্ডো বাহিনীৰ এটা দলে খটখটী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত তালাচী অভিযান চলায়। আৰক্ষীৰ অভিযানৰ সময়তে পুৱতি নিশা প্ৰায় দুই বজাত অভিযানকাৰী দলটোৱে মণিপুৰৰ পৰা আহি থকা এন এল -০২-ডি-৭৮৩৭ নম্বৰৰ ট্ৰাক খনত তালাচী চলাই ৮০ টা পেকেটত ভৰাই অনা অৱস্থাত ৮৬৪ কিঃগ্ৰাঃ ভাং জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে, তিনিটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৪০.৭০ গ্ৰাম হেৰʼইন জব্দ কৰে। জব্দ হোৱা নিচাযুক্ত সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় এক কোটি টকাৰ বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে, আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে ট্ৰাকখনত এক গোপন চেম্বাৰ সাজি বিশেষ কৌশলেৰে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ চেষ্টা কৰা হৈছিল যদিও আৰক্ষীয়ে তৎপৰতাৰে এই প্ৰচেষ্টা ব্যৰ্থ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে কাৰ্বি আংলং জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত দেওপানী নতুন বস্তিৰ ফিল্টাৰ কলিতা (৩২), তিনি নং হলৌখোৱাৰ দীপক মাহাতো (২৬) আৰু অমৰাজান কছাৰী বস্তিৰ ৰাহুল তামাং (১৯) বুলি চিনাক্ত কৰা হৈছে।  এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।
You might also like