নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী সোণাৱালক ধন্যবাদ ৰাইজৰ

বশিষ্ঠপুৰ বাইলেন বেদখল মুক্ত কৰিলে প্ৰশাসনে

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্দেশৰ ভিত্তিত প্রশাসনে দিছপুৰৰ ১নং বশিষ্ঠপুৰ বাইলেনৰ অবৈধ বেদখল মুক্ত কৰি পথটো সুচল কৰাৰ বাবে স্থানীয় ৰাইজে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰিছে৷ এই সম্পর্কে অঞ্চলটোৰ ৰাইজে বিশেষ কৃতজ্ঞতা স্বীকাৰ কৰি এখন পত্র মুখ্যমন্ত্রীলৈ প্রেৰণ কৰিছে৷ উল্লেখ্য যে যোৱা ২৩ জানুৱাৰীত দিছপুৰ ১নং বশিষ্ঠপুৰ বাইলেনৰ ২নং আৱাস গৃহত সংঘটিত হোৱা বিধ্বংসী অগ্ণিকাণ্ডত দুটা নিষ্পাপ শিশু নিহত হ’বলগীয়াৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছিল৷ এই ঘটনাৰ পিছতে যোৱা ২৪ জানুৱাৰীৰ সন্ধিয়া মুখ্যমন্ত্রী সোণোৱালে নিহত কণমানি শিশু দুটিৰ গৃহত উপস্থিত হৈ তেওঁলোকলৈ অশ্রুশিক্ত শ্রদ্ধাঞ্জলি নিবেদন কৰিছিল৷ মুখ্যমন্ত্রীক সেই সময়ত স্থানীয় জনসাধাৰণে অৱগত কৰিছিল যে বাইলেনটোৰ সন্মুখ ভাগৰ মাটি ভাৰত চৰকাৰৰ প্রতিষ্ঠান দূৰ সংযোগ বিভাগে অকর্তৃত্বশীলভাৱে দখল কৰি আছে আৰু ফলত অগ্নিনির্বাপক বাহিনীৰ বাহন সেইদিনাখন সুচলভাৱে আহি উপস্থিত হ’ব পৰা নাছিল৷ স্থানীয় জনসাধাৰণে মুখ্যমন্ত্রীক এই কথা অৱগত কৰাৰ পিছতেই মুখ্যমন্ত্রীয়ে প্রশাসনক এই বেদখল মুক্ত কৰাৰ নির্দেশ দিছিল৷ এই নির্দেশৰ ভিত্তিতেই অকর্তৃত্বশীল বেদখল প্রশাসনে তাৎক্ষণিকভাৱে মুক্ত কৰি পথটো সুচল কৰি তুলিছে৷ পথটো সুচল কৰি তোলাৰ বাবে এক পত্রযোগে স্থানীয় জনসাধাৰণে মুখ্যমন্ত্রীক ভূয়সী প্রশংসা কৰিছে৷

You might also like