ধেমাজিৰ ১৫১টা পৰিয়ালক ক্ষতিপূৰণ প্রদানৰ নির্দেশ হাইক’ৰ্টৰ
বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ বগীবিল দলং নির্মাণৰ সময়ত মাটি অধিগ্রহণ কৰা সত্ত্বেও ক্ষতিপূৰণ লাভ নকৰা পৰিয়ালসমূহে তৰা এটা গোচৰত কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ভূমি অধিগ্রহণ কৰা সত্ত্বেও কোনো ধন লাভ নকৰা পৰিয়ালসমূহক ক্ষতিপূৰণ প্রদান কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ সেই অনুসৰি সংশ্লিষ্ট কর্তৃপক্ষই ধেমাজিৰ ১৫১টা পৰিয়ালক ক্ষতিপূৰণ প্রদান কৰিব লাগিব৷ উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি ৰে’ল কর্তৃপক্ষই দুমাহৰ ভিতৰত ধেমাজি জিলাৰ উপায়ুক্তক এই ক্ষতিপূৰণৰ ধন আদায় দিব লাগিব৷ ৰে’ল কর্তৃপক্ষৰ পৰা ধন লাভ কৰাৰ পাছত এমাহৰ ভিতৰত ক্ষতিগ্রস্ত পৰিয়ালসমূহক উপায়ুক্তই আদায় দিব লাগিব৷ উল্লেখ্য যে বগীবিল প্রকল্পৰ সময়ত ছার্ভিচ ৰোড নির্মাণৰ বাবে এই পৰিয়ালসমূহৰ মাটি অধিগ্রহণ কৰা হৈছিল যদিও তেওঁলোকক কোনো ক্ষতিপূৰণ আদায় দিয়া হোৱা নাছিল৷ আদালতত সংশ্লিষ্ট কর্তৃপক্ষই সদৰী কৰা অনুসৰি সেই সময়ত মাত্র ৫৩টা পৰিয়ালকে ক্ষতিপূৰণ আদায় দিয়া হৈছিল৷ আন ১৪৮টা পৰিয়ালে ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈছিল৷ অৱশ্যে শুনানিৰ সময়ছোৱাত ৰে’ল কর্তৃপক্ষই বঞ্চিত লোকসকলক ক্ষতিপূৰণ দিয়া হ’ব বুলি সদৰী কৰে৷ ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ে তেওঁলোকক ক্ষতিপূৰণ দিবলৈ নির্দেশ দিছে৷ এইক্ষেত্রত অধিক লোক বঞ্চিত হৈ আছে নেকি, সেয়া পৰীক্ষা কৰি তেওঁলোকক উপায়ুক্তই ক্ষতিপূৰণ প্রদান কৰিব পাৰিব বুলি উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে৷ মাটি অধিগ্রহণৰ পাছতো যাৱতীয় ক্ষতিপূৰণ লাভ নকৰাত মনোজ পাইট আৰু আন ১৫০জন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬৮৮৪/২০১৭ নম্বৰত লেখ আবেদন দাখিল কৰিছিল৷