নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি চাঞ্চল্যঃ উত্তৰ প্রদেশৰ লখিমপুৰত দুই দলিত ভগ্নীক ধর্ষণ–হত্যা

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ উত্তৰ প্রদেশৰ লখিমপুৰত দুই দলিত ভগ্নীক দলবদ্ধ ধর্ষণৰ পাছত হত্যা কৰি গছত ওলমাই থোৱা নৃশংস ঘটনাটোক লৈ দেশজুৰি চাঞ্চল্য সৃষ্টি হৈছে৷ এই নৃশংস ধর্ষণ–হত্যাকাণ্ডৰ সৈতে জড়িত ৬ অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷ ৬ অভিযুক্তৰ ভিতৰত এজনক আজি পুৱতিনিশা এনকাউণ্টাৰ কৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা দুই দলিত ভগ্নীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাত ধর্ষণ কৰি পিছলৈ ডিঙি চেপি হত্যা কৰাটো নিশ্চিত হোৱাৰ পাছতে অঞ্চলটোত তীব্র উত্তেজনা সৃষ্টি হৈছে৷ লখিমপুৰ আৰক্ষীয়ে ধর্ষণ–হত্যাকাণ্ডৰ গোচৰত গ্রেপ্তাৰ কৰা অভিযুক্তকেইটাক চুহেল, জুনেদ, হাফিজুল ৰেহমান, কৰিমউদ্দিন, আৰিফ আৰু ছোতু বুলি প্রকাশ কৰিছে৷ আনপিনে এনকাউণ্টাৰত গুলীবিদ্ধ হৈ গ্রেপ্তাৰ হোৱা অভিযুক্তক জুনেদ বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ ঘটনা সন্দর্ভত লখিমপুৰ খেৰীৰ আৰক্ষী অধীক্ষক সঞ্জীৱ সুমনে প্রকাশ কৰা মতে কালি ১৫ আৰু ১৭ বছৰীয়া দুই ভগ্ণীক প্রলোভন দি কুঁহিয়াৰ খেতিপথাৰলৈ মাতি নিয়ে চুহেল আৰু জুনেদে৷ খেতিপথাৰতে চুহেল–জুনেদে দুই ভগ্ণীক ধর্ষণ কৰাৰ পাছত দুই ভগ্নীয়ে ধর্ষণকাৰীক বিবাহৰ বাবে দাবী জনায়৷ ইয়াৰ পাছতেই চুহেল, হাফিজুল আৰু জুনেদে দুই ভগ্নীক ডিঙি চেপি হত্যা কৰে৷ পৰৱর্তী সময়ত তিনি অভিযুক্তই কৰিমউদ্দিন আৰু আৰিফক মাতি আনি এই হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ গছত ওলমাই দিয়ে৷ ধর্ষণ কৰি হত্যা কৰাৰ সকলো তথ্য ৫ অভিযুক্তই বিনষ্ট কৰাৰ চেষ্টা চলায়৷ আৰক্ষী অধীক্ষক সুমনৰ ভাষ্য মতে অভিযুক্ত ছোতুৰ বাহিৰে বাকীকেইজন লখিমপুৰ খেৰীৰ লালপুৰ গাঁৱৰ বাসিন্দা৷ ছোতু হৈছে দুই ভগ্নীৰ চুবুৰীয়া৷ ছোতুৱে দুই ভগ্ণীক উল্লিখিত অভিযুক্তৰ সৈতে চিনাকি কৰি দিছিল আৰু তাৰ বাবে ছোতুকো গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে ঘটনাটো সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে অভিযুক্ত আটাইকেইটাক গ্রেপ্তাৰ কৰিছে যদিও দুই ভগ্নীৰ পৰিয়ালসহ স্থানীয় গাঁওবাসীয়ে অঞ্চলটোত প্রতিবাদী সমদল উলিয়াই ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে৷ নিপীড়িতৰ পৰিয়ালৰ লোকে ধর্ষণকাৰীৰ ফাঁচীৰ দাবী জনাইছে৷ উল্লেখ্য যে লখিমপুৰ খেৰী জিলাৰ নিগাচন আৰক্ষী থানাৰ অন্তর্গত লালপুৰ মাজৰা তামুলী পূর্ব গাঁৱৰ গছ এডালত দুই দলিত ভগ্ণীক ওলমাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷ ইপিনে, এই ঘটনাই দেশজুৰি তীব্র চাঞ্চল্য সৃষ্টি কৰাত উত্তৰ প্রদেশৰ উপ–মুখ্যমন্ত্রী কেশৱ প্রসাদ মৌর্যই ধর্ষণকাৰীক কঠোৰতম শাস্তি বিহা হ’ব বুলি মন্তব্য কৰিছে৷ ফাষ্ট ট্রেক আদালতত ধর্ষণকাৰীৰ শুনানিকে ধৰি আদালতৰ প্রক্রিয়া সম্পন্ন কৰি শীঘ্রেই দৃষ্টান্তমূলক শাস্তি বিহা হ’ব বুলি নিশ্চিতি দিছে উপ–মুখ্যমন্ত্রীগৰাক্৷ ইপিনে লখিমপুৰৰ খেৰীৰ ঘটনাটো দুখজনক আৰু দুর্ভাগ্যজনক বুলি অভিহিত কৰি বিৰোধী দলে শীঘ্রেই অভিযুক্তক শাস্তি বিহাৰ দাবী জনাইছে৷ কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধীয়ে দুই দলিত ভগ্নীক ধর্ষণ কৰি নৃশংস হত্যা কৰা ঘটনাটোক দুর্ভাগ্যজনক বুলি আখ্যা দি শাসকীয় বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ধর্ষণকাৰীক মুকলি কৰি দি উৎসাহ প্রদর্শন কৰাসকলৰ পৰা মহিলাৰ সুৰক্ষা আশা কৰিব নোৱাৰি বুলি বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে হিন্দীত টুইট কৰি কয়– দিন–দুপৰতে দুই দলিত কন্যাক অপহৰণ কৰি নি হত্যা কৰা ঘটনাটো বৰ দুর্ভাগ্যজনক৷ ধর্ষণকাৰীক মুকলি কৰি দি উৎসাহ প্রদর্শন কৰাৰ লগতে আদৰণি জনোৱাসকলৰ পৰা মহিলাৰ সুৰক্ষা আশা কৰিব নোৱাৰি৷ উল্লেখ্য যে দেশজুৰি ব্যাপক চর্চিত বিলকিছ বানো দলবদ্ধ ধর্ষণ গোচৰত কাৰাবন্দী হৈ থকা ১১ অপৰাধীক বিজেপি নেতৃত্বাধীন গুজৰাট চৰকাৰে ৰেমিছন নীতিৰ অধীনত মুকলি কৰি দিয়াৰ পাছত সেই ১১ অপৰাধীক দলটোৰ একাংশই আদৰণি জনাই উৎসাহ প্রদর্শন কৰিছিল৷

You might also like