বর্ষাপাৰাত টি–২০ : আজিৰে পৰা অনলাইনত টিকট
বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ শাৰদীয় দুর্গাপূজাৰ সময়তে 2 অক্টোবৰত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত হ’ব লগা টি–২০ মেচখনৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে অসম ক্রিকেট সন্থা (এচিএ)ই৷ এই প্রস্তুতি সম্পর্কত অৱগত কৰিবলৈ এচিএৰ তৰফৰ পৰা আয়োজন কৰা এখন সংবাদ মেলত সন্থাৰ সভাপতি ৰমেন দত্তই জানিবলৈ দিয়া অনুসৰি কাইলৈৰ পৰা মেচখনৰ টিকট বিক্রী আৰম্ভ হ’ব৷ তেওঁ কয় যে আজি দিনৰ ১১ বজাত অনলাইনযোগে প্রথম পর্যায়ৰ টিকট বিক্রী কৰা হ’ব৷ bookmyshow’ যোগে উপলব্ধ হ’বলগীয়া এই টিকট প্রথম পর্যায়ত ১৫ হাজাৰ দর্শকৰ বাবে মুকলি কৰি দিয়া হ’ব৷ আনহাতে অহা ২৬ ছেপ্টেম্বৰত দ্বিতীয় পর্যায়ত বিক্রী কৰা হ’ব ৫ হাজাৰ টিকট৷ দত্তই জনোৱা মতে, বর্ষাপাৰা ষ্টেডিয়ামত দর্শকৰ মুঠ আসনৰ সংখ্যা ৩৮,৬৫৪৷ কিন্তু সম্প্রতি ৩৭,৪২০খন আসনত বহি দর্শকে খেল উপভোগ কৰিব পাৰিব৷ অৱশ্যে দর্শকৰ বাবে ২০,৪৭৯ টিকট মুকলি কৰি দিব আয়োজকসকলে৷ অসম ক্রিকেট সন্থাৰ স্বীকৃতিপ্রাপ্ত জিলা ক্রিকেট সন্থাসমূহক ২৭০টাকৈ মুঠ ১১,৫০০ টিকট দিয়া হ’ব বুলি সভাপতি দত্তই জানিবলৈ দিয়ে৷ তদুপৰি আমন্ত্রিত বিশিষ্ট ব্যক্তিৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বাবে কিছুসংখ্যক টিকট সংৰক্ষিত কৰা হ’ব৷ তেওঁ জনোৱা মতে, ২৫ ছেপ্টেম্বৰৰ পৰা আমন্ত্রিত লোকসকলক টিকট প্রদান কৰা হ’ব আৰু কোৰিয়াৰযোগেও কিছুসংখ্যক টিকট প্রেৰণ কৰা হ’ব৷
দীর্ঘদিনৰ পাছত বিশেষকৈ ক’ভিডৰ সমস্যা আঁতৰাৰ পাছত প্রথমবাৰৰ বাবে আয়োজন কৰা আন্তর্জাতিক ক্রিকেট মেচখন সফল কৰিবলৈ তেওঁ অসমবাসীক আহ্বান জনায়৷ সংবাদ মেলত উপস্থিত থকা এচিএৰ সম্পাদক দেৱজিৎ শইকীয়াই জনোৱা মতে, মেচখনৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে৷ তেওঁ জানিবলৈ দিয়ে যে ষ্টেডিয়ামৰ আশে–পাশে থকা পথসমূহ যুদ্ধকালীন তৎপৰতাৰে সংশ্লিষ্ট বিভাগে মেৰামতি কৰি আছে৷ খেলখনৰ পূর্বে অঞ্চলটো জাকমকীয়া কৰি তোলা হ’ব বুলি তেওঁ কয়৷ ষ্টেডিয়ামৰ ওচৰতে থকা দুখন দলং ইতিমধ্যে মেৰামতি সম্পূর্ণ কৰি তোলা হৈছে৷ দুর্গাপূজাৰ সময়ত হ’ব পৰা যান–জঁটৰ সমস্যা প্রতিৰোধৰ বাবে যান–বাহন আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্রহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ খেলখনৰ বাবে যাতে অঞ্চলটোত দুর্গাপূজা আয়োজনৰ ক্ষেত্রত কোনোধৰণৰ বাধাৰ সৃষ্টি নহয়, তাৰ বাবেও আয়োজকসকলে বিশেষভাৱে দৃষ্টি ৰাখিছে৷ মেচ অনুষ্ঠিত হোৱাৰ দিনা দর্শকৰ যান–বাহন ৰখাৰ বাবে ষ্টেডিয়ামৰ লগতে ছাউথ পইণ্ট স্কুল আৰু নাতিদূৰত অতিৰিক্ত ৭০০ বাহন পার্কিং কৰাৰ বাবে স্থান নির্বাচিত কৰা হৈছে বুলিও শইকীয়াই সদৰী কৰে৷ অৱশ্যে এই সম্পর্কত অহা ২০ ছেপ্টেম্বৰত যান–বাহন আৰক্ষী বিভাগে চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও তেওঁ কয়৷ উল্লেখ্য যে বৰষুণৰ বাবে ইয়াৰ আগতে বর্ষাপাৰাত অনুষ্ঠিত আন্তর্জাতিক মেচখন পৰিত্যক্ত হৈছিল৷ পুনৰ তেনে পৰিস্থিতি হ’লে মেচ অনুষ্ঠিত কৰাৰ বাবে যথাসম্ভৱ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও সম্পাদকগৰাকীয়ে কয়৷ ইয়াৰ বাবে কেলিফ’র্নিয়াৰ পৰা কম ওজনৰ ক’ভাৰ ইতিমধ্যে অনা হৈছে বুলিও জানিবলৈ দিয়ে শইকীয়াই৷ তেওঁ লগতে কয় যে অহা ১৮ ছেপ্টেম্বৰত বর্ষাপাৰা ষ্টেডিয়ামৰ গ্রাউণ্ড বিচিচিআইৰ হাতত অর্পণ কৰা হ’ব৷ সেইদিনাৰ পৰা গ্রাউণ্ডৰ ওপৰত এচিএৰ কোনো কর্তৃত্ব নাথাকিব বুলিও তেওঁ কয়৷ অৱশ্যে বিগত এবছৰ ধৰি আন্তর্জাতিক ক্রিকেটৰ বাবে গ্রাউণ্ডখন সাজু কৰি ৰখা বুলিও তেওঁ জানিবলৈ দিয়ে৷ আজি সংবাদ মেলত বিভিন্ন শ্রেণীৰ টিকটৰ মূল্যও সদৰী কৰা হয়৷ সেই অনুসৰি ছাত্র–ছাত্রীৰ বাবে থকা ৱেষ্ট ষ্টেণ্ডৰ গ্রাউণ্ড ফ্ল’ৰত টিকটৰ মূল্য ৪৭৫ টকা ধার্য কৰা হৈছে৷ ছাউথ ষ্টেণ্ডৰ প্রথম মহলাৰ টিকটৰ মূল্য সর্বাধিক ছয় হাজাৰ টকা নির্ধাৰণ কৰা হৈছে৷