ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অসমীয়া প্ৰকৃতি সাহিত্য শীৰ্ষক বক্তৃতানুষ্ঠান
নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ আজি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ উদ্যোগত অসমীয়া প্ৰকৃতি সাহিত্য শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে, মহাবিদ্যালয়খনৰ তৎপৰতাত অবিভক্ত গোৱালপাৰা জিলাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় প্ৰকৃতি সাহিত্য শীৰ্ষক সেই বিশেষ বক্তৃতা হয়। অনুষ্ঠানটো পৰিচালনা আৰু সভাপতিত্ব কৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাৰ পৰিচালনা আৰু সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ সেই বক্তৃতিবা অনুষ্ঠানটো উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে। বক্কৃতানুষ্ঠানটোত মুখ্য বক্তাৰূপে উপস্থিত থাকে বিশিষ্ট প্ৰকৃতিবিদ তথা প্ৰকৃতি সাহিত্যিক সৌম্যদীপ দত্তই। নিজৰ ভাষণত দত্তই সাহিত্যত প্ৰকৃতিৰ বিষয়টো জনপ্ৰিয় হৈ পৰা বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে, ‘‘প্ৰাচীন কালৰ পৰাই আমাৰ সাহিত্যত প্ৰকৃতিৰ চিত্ৰণ হৈ আহিছে। প্ৰকৃতিৰ চিত্ৰণ হ’লেই সি প্ৰকৃতি সাহিত্য নহয়। প্ৰকৃতি চিত্ৰণৰ লগতে প্ৰকৃতি সংৰক্ষণৰ কথা, দিহা পৰামৰ্শ থাকিলেহে সেই শ্ৰেণীৰ সাহিত্য প্ৰকৃতি সাহিত্য হিচাপে বিবেচিত হ’ব।’’ অনুষ্ঠানটোত অসমীয়া বিভাগৰ ড৹ কৰুণা কান্ত দাস, ড৹ অলকা শৰ্মা, ড৹ পলী বেজবৰুৱা, ছাইফুল হাচান, দেৱশ্ৰী ৰায়, দৰ্শন বিভাগৰ অধ্যাপিকা নৱনীতা দেৱী প্ৰমুখ্যে দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অন্তত জাতীয় সংগীত পৰিবশনেৰে আজিৰ সেই বিশেষ বক্তৃতা অনুষ্ঠানৰ সামৰণি পৰে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী