নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত উন্নয়নমূলক কাম পৰ্যবেক্ষণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ নলবাৰী সমষ্টিৰ অন্তর্গত ৪২টা ভিন্ন উন্নয়নমূলক কামৰ পর্যবেক্ষণৰ বাবে কালি নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত গীতিমণি ফুকন তথা বিভিন্ন বিভাগৰ মুৰব্বী সকলক লৈ দিনজোৰা আলোচনাৰে সভা অনুষ্ঠিত কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, পৰ্যটন, নিয়োগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিশেষকৈ অৰুণোদয় আঁচনি, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী কিষাণ নিধি, ই ডব্লিঅ এচ প্ৰমাণ পত্ৰ, নেফচা কাৰ্ড, মিছন বসুন্ধৰা মিছন বসুন্ধৰা, মুখ্যমন্ত্রীৰ পকীপথ নির্মাণ আঁচনি, ৰেলৱে অ’ভাৰ ব্রীজ নির্মাণ, সংহত জিলা সচিবালয় নির্মাণ আদি প্রতিটো বিষয়ৰ বিতং আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় কর্তৃপক্ষক প্রকল্পৰ আধৰুৱা কামসমূহ দ্রুত সম্পাদনৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলক নিৰ্দেশ দিয়ে। ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণগাওঁত প্ৰায় ১২০ বিঘা মাটিত নিৰ্মাণ কৰি থকা নলবাৰী মেডিকেল কলেজ হাস্পতালত নিশা প্ৰায় ৮ বজাত উপস্থিত হৈ নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্টাকচন কোম্পানীৰ বিষয়া-কৰ্মচাৰীৰ লগতে জিলা উপায়ুক্ত গীতিমনি ফুকন, ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া মনিষা কলিতা, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা সহ লোক নিৰ্মাণ বিভাগৰ (গৃহ) অভিযন্তা সকলৰ লগত আলোচনা কৰে।
প্ৰেৰক বীৰেন কলিতা
You might also like