বিজনীৰ বিষ্ণুপুৰত ভুৱা লটাৰী খেল পাতি পলাতক প্ৰৱঞ্চকৰ দল
লটাৰী লাভ কৰা লোকে আজিও নাপালে উপহাৰ
নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ভুৱা আৰু অবৈধ লটাৰী খেল পাতি লাখ লাখ টকা সংগ্ৰহৰ জাল পাতিছে এক অসাধু চক্ৰই। বিজনীৰ বিষ্ণুপুৰত পশ্চিম বিষপাণী শিৱ মন্দিৰ নিৰ্মাণৰ নামত কমিটি গঠন কৰি ভুৱা লটাৰী খেল পাতি পলাতক প্ৰৱঞ্চকৰ দল। বিগত ১০ জুলাই তাৰিখে পাতিছিল লটাৰী খেলখন। কিন্তু উপহাৰ কুপনত প্ৰথম উপহাৰ প্ৰাপ্ত মহেশ বিশ্বাসক আজিও নিদিলে উপহাৰ। উপহাৰ কুপন অনুযায়ী মহেশে পাব লাগিছিল এখন ট্ৰেভেলাৰ বাছ। কিন্তু উপহাৰ দিয়াৰ তাৰিখ সলনি কৰি কৰি অৱশেষত কুপনখন আনপেইড বুলি দাবী কৰি পৰিচালনা সমিতিয়ে ওলোটাই মহেশৰ ওপৰত দাখিল কৰিলে থানাত এজাহাৰ। পাছত বৰপেটা ৰোডত আৰক্ষীয়ে অবৈধ লটাৰী খেল উৎখাত কৰাৰ পিছত পলায়ন কৰে খেলখনৰ মালিক অভিজিৎ কৰ্মকাৰসহ খেলখনৰ লগত জড়িত প্ৰৱঞ্চকৰ চক্ৰটো।
উল্লেখ্য যে বৰপেটা ৰোডৰ অবৈধ লটাৰী খেলখনৰো মালিক আছিল অভিজিৎ কৰ্মকাৰ। বিষ্ণুপুৰৰ স্থানীয় সুজন মণ্ডলক সভাপতি, ৰমেশ দাসক সম্পাদক আৰু কমল চন্দ্ৰ বৰ্মনক কোষাধ্যক্ষ হিচাপে বিষপাণী শিৱ মন্দিৰ কমিটি বুলি নাম উল্লেখ কৰি পাতিছিল লটাৰী খেলখন।এইক্ষেত্ৰত উপহাৰ প্ৰাপ্ত মহেশ বিশ্বাস আৰু খেলখনৰ বিচাৰকে অতি সোনকালে উপহাৰ প্ৰদান কৰাৰ লগতে এই অসাধু চক্ৰটোক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে।