নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভাগত অমৃত সৰোবৰ প্ৰকল্পৰ আধাৰশিলা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

 নিয়মীয়া বাৰ্তা,  ১৮ ছেপ্টেম্বৰ : নলবাৰী জিলাৰ বৰভাগৰ ৪৯ (৩) নং উপৰ বৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইটকুছিত কালি অমৃত সৰোবৰ প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰা হয় । প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । মিচন অমৃত সৰোবৰ আঁচনিৰ ১৩.৪৮ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগা প্ৰকল্পটোৰ  আধাৰশিলা স্থাপন কৰি পাটোৱাৰীয়ে কয়  সৰোবৰৰ চৌপাশে গছ-গছনি ৰোপণ ,পাৰ্ক নিৰ্মাণ কৰি পৰ্যটনৰ পৰিবেশ গঢ়ি তোলা হ’ব । তেওঁ আঁচনিখন আত্মসহায়ক গোটক হস্তান্তৰ কৰাৰ কথা প্ৰকাশ কৰে যাতে গোটসমূহে উৎপাদন কৰি স্বাৱলম্বী হ’ব পাৰে ।  বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই আঁত ধৰা অনুষ্ঠানটোত  নলবাৰীৰ উপায়ুক্ত গীতিমনি ফুকন,  বিজেপিৰ জিলা  সভাপতি ডাঃ মৃগাংক তালুকদাৰ, সম্পাদক পুলক শৰ্মা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ  নিতুল ডেকা, মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ গোস্বামী,  বৰভাগ উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া অপূৰ্ব কুমাৰ চক্ৰৱৰ্তী আদি  বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
You might also like