নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ:- তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰেই এইবাৰো ১৮ ছেপ্টেম্বৰত  তিতাবৰ মহকুমাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা দ্বাদশ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনাই। মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী উপস্থিত থাকি বৰ্তমান সময়ত সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নয়ন বাবে যুগুত কৰা বহুকেইটা পৰিকল্পনাৰ বিষয়ে অৱগত কৰে, নতুন শিক্ষানীতি প্ৰবৰ্তন সম্পর্কত যুৱ নেতা গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কোনো বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি নহব বুলি কোৱাৰ লগতে বৰ্তমান প্ৰতিযোগিতা মূলক দৌৰ শিক্ষা ব্যৱস্থাত আহিল যেতিয়া ছাত্ৰ ছাত্ৰী সকলক কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি উল্লেখ কৰি ছাত্ৰ ছাত্ৰী সকলক অনাগত দিনত অধিক মনোযোগেৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায়।তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা সভাপতি মোচাৰফ আলী শ্বেখৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৰ্জুন মণি ভূঞা, উপসভাপতি অৰিন্দম শইকীয়া,বিত্ত সম্পাদক আদিত্য গগৈ,শিক্ষা সম্পাদক ৰক্তিম শইকীয়া, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠক, সম্পাদক অবিনাশ ফুকন, আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা উজ্জ্বল হাজৰিকা, ভাস্কৰ হাজৰিকা,ভাস্কৰ প্ৰতিম দত্ত, ৰঘুমণি দত্ত, সম্পাদক অজিত ভূমিজ, মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কুশ বৰা, জ্যেষ্ঠ সাংবাদিক দিগন্ত শইকীয়া প্ৰমুখ্যে বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছা জনাই। এইবাৰ মহকুমাটোৰ ৭৯৯ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
You might also like