ধুবুৰীত কাগজৰ পেলনীয়া কাৰ্ডব’ৰ্ডেৰে সাজি উলিয়াাইছে এক অনন্য সুন্দৰ দুৰ্গা মূৰ্তি
নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: ধুবুৰীৰ শিক্ষয়িত্ৰী এগৰাকীয়ে কাগজৰ পেলনীয়া কাৰ্ডব’ৰ্ডেৰে সাজি উলিওৱা এক অনন্য সুন্দৰ দূৰ্গা প্ৰতিমাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতোৰে। চহৰখনৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষয়িত্ৰী অ’লিভিয়া মণ্ডলে নিজৰ কৰ্মব্যস্ততাৰ মাজতেই নিৰ্মাণ কৰিছে প্ৰতিমাটো। চাৰে পাঁচ ফুট উচ্চতা আৰু তিনি ফুট বহল প্ৰতিমাটো নিৰ্মাণ কৰিবলৈ বিগত ডেৰমাহৰ পৰা নিশা দুটা–আঢ়ৈটালৈ কাম কৰিবলগীয়া হোৱা বুলি জনাইছে শিক্ষয়িত্ৰীগৰাকীয়ে। কেৱল ৰাইজৰ প্ৰশংসাই নহয়; ছাত্ৰীজীৱনৰ পৰাই মেধাৱী বুলি পৰিচিত নিজৰ কন্যাৰ এই শিল্পকৰ্মক লৈ গৰ্বিত বুলি নিজৰ অনুভৱ প্ৰকাশ কৰা পোৱা গৈছে ধুবুৰীৰ পালপাৰাৰ বাসিন্দা তথা পেচাত ব্যৱসায়ী পিতৃ বিকাশ মণ্ডলেও।