নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চিলনী চোৰ কৰায়ত্ব; তিনিলাখ টকা থাপ মাৰি পলাবলৈ গৈ ৰাইজৰ হাতত কৰায়ত্ব হ’ল চোৰটো

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: যোৱাকালি ধুবুৰীৰ এগৰাকী ব্যাস্ত এগৰাকী শিক্ষয়িত্ৰীৰ হাতত পৰা ধনৰ মোনালৈ পলাবলৈ চেষ্টা কৰা বহিঃৰাজ্যৰ এজন চিলনী চোৰক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভে জানিব পৰা মতে, যোৱাকালি চহৰখনৰ ব্যস্ত ৰাজপথ এটাৰ গাতে লাগি থকা ইউনিয়ন বেংকৰ একাউন্টৰ পৰা পৰা দক্ষিণ শালমাৰা ১৪৪৫ নং কলাবাৰী জে. বি. স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ময়না বেগমে স্বামীক ল’গত লৈ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰদান কৰা ধনৰাশিৰ তিনি লাখ টকা উঠাইছিল। বেংকৰ পৰা ওলাই অহাৰ পিছত অকষ্মাতে ্শিক্ষয়িত্ৰীগৰাকীৰ হাতত থকা ধনৰ মোনাটো থাপ মাৰি লৈ পলাবলৈ চেষ্টা কৰে এজন অচিনাকি যুৱকে। ঘটনাটোত হতভম্ভ হৈ পৰা শিক্ষয়িত্ৰী আৰু তেখেতৰ স্বামীয়ে চিঞৰ–বাখৰ কৰাত অঞ্চলটোৰ একাংশ ৰাইজে খেদি খেদি চিলনী চোৰটোক কৰায়ত্ব কৰে আৰু উত্তম–মধ্যম দি আৰক্ষীক গতাই দিয়ে। ধৃত চিলনী চোৰটো পশ্চিমবংগৰ কোচবিহাৰৰ ৰাজাবাৰীৰ সমীৰ শাহ বুলি প্ৰকাশ।

You might also like