নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উদযাপন সন্ধৰ্ভত কার্যকৰ্তাৰে আলোচনা সভা বিধায়ক ৰঞ্জিত দত্তৰ  

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ:: পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিন পালন সন্ধৰ্ভত কালি বিধায়ক ৰঞ্জিত দত্ত বিহালী সমষ্টিৰ বিহালী আৰু বাঘমৰা মণ্ডল সমিতিৰ দলীয় কাৰ্য্যকৰ্তা সকলৰ সৈতে এখন আলোচনা সভাত মিলিত হয়।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে “সেৱা পষেক” উদযাপনৰ ক্ষণতে অহা ২৫ ছেপ্তম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ “মন-কী-বাত” অনুষ্ঠানৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্ম দিৱস উপলক্ষে বাঘমৰা আৰু বিহালী মণ্ডলত অনুষ্ঠিত হ’বলগীয়া কাৰ্য্যসূচী আৰু সেয়া ৰূপায়ণৰ বাবে হাতত ল’বলগীয়া কাৰ্য্যপন্থাৰ বিষয়ে বিষদ ভাৱে আলোচনা কৰা হয়৷ দুয়োটা মণ্ডলৰে কাৰ্য্যকৰ্তা সকলক প্ৰধানমন্ত্ৰীৰ “মন-কী-বাত” অনুষ্ঠান প্ৰতিটো বুথত শ-শতাংশ সাফল্যমণ্ডিত কৰিবলৈ বিধায়ক দত্তই আহ্বান জনায়। উক্ত অনুষ্ঠানত  বাঘমৰা আৰু বিহালী দুয়োটা মণ্ডলৰে সভাপতিদ্বয় ক্ৰমে লাচিত বৰা আৰু দধীৰাম শৰ্মা প্ৰমুখ্যে শেৱালি শৰ্মা, ৰঘুপতি বসু, অজয় দাস, প্ৰেম ছেত্ৰী, মণ্ডল সমিতিৰ বিষয়ববীয়া ও কাৰ্য্যনিৰ্বাহক সদস্য সদস্যা সকল,ৰাজ্যিক আৰু জিলাৰ দলৰ প্ৰতিনিধিসকল,শক্তিকেন্দ্ৰৰ আহ্বায়ক সকল;জিলা পৰিষদ,পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ জনপ্ৰতিনিধিবৰ্গ প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে ।
You might also like