নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ধুবুৰী পৌৰসভাৰ এক সাম্প্ৰতিক নিবিদাক লৈ উত্থাপিত হোৱা পোৱা গৈছে কেতবোৰ প্ৰশ্নচিহ্নৰ। বিগত ১৯ ছেপ্টেম্বৰ তাৰিখে পৌৰসভা কৰ্তৃপক্ষই আহ্বান কৰা সেই নিৱিদাত উল্লেখিত দুটা কাম ইতিমধ্যে সম্পণ্ণ হোৱা বুলি উচ্চাৰিত হোৱাও পোৱা গৈছে। হাতত পৰা তথ্য অনুসৰি, চৰকাৰৰ ফিফটিন্থ ফাইনেঞ্চ ক’মিচন (ইউনাইটেড)ৰ শিতানৰ ধনেৰে মুঠ ১৭টাকৈ মেৰামতি/নিৰ্মাণৰ কামৰ বাবে আহ্বান কৰা হৈছে নিবিদাখনত। উল্লেখ্য যে, পৌৰসভাৰ সেই বিশেষ নিবিদাখনৰ ১ আৰু ১০ নং ক্ৰমাংকত আছে ক্ৰমে ‘ধুবুৰী পৌৰসভাৰ পুৰণি অসম আৰ্হিৰ গৃহৰ সংস্কাৰ আৰু পুনৰুদ্ধাৰ কাম (পৰ্য্যায় ২) {Renovation and Restoration work of old Assam type building of Dhubri Municipal Board at word no.1 (phase 2)} আৰু ধুবুৰী পৌৰসভাৰ পুৰণি অসম আৰ্হিৰ গৃহৰ সংস্কাৰ আৰু পুনৰূদ্ধাৰ কাম (পৰ্য্যায় ৩) {Renovation and Restoration work of old Assam type building of Dhubri Municipal Board at word no.1 (phase 3)}। উল্লেখনীয় যে, নিবিদাখনৰ ক্ৰমিক নং ১ত উল্লেখিত কামটোৰ আনুমানিক ব্যায় ৮,৬২,৩৫২ টকা ধাৰ্য্য কৰাৰ বিপৰীতে ৯নং ক্ৰমিক নম্বৰত উল্লেখিত কামটোৰ আনুমানিক ব্যায়ৰূপে পৌৰসভা কৰ্তৃপক্ষই ধাৰ্য্য কৰিছে ১৫,৯৭,০৭০ টকা। পিছে পৌৰসভা কৰ্তৃপক্ষই ১৯ ছেপ্টেম্বৰৰ নিবিদাত উল্লেখিত সেই কামদুটাৰ পূৰ্বেই সম্পূৰ্ণ হোৱা বুলি একাংশ স্থানীয় মহলত আৰম্ভ হোৱা পোৱা গৈছে। বিষয়টোলৈ ধুবুৰী পৌৰসভাৰ এগৰাকী কৰ্মচাৰীৰ সৈতে মোবাইল যোগে যোগাযোগ কৰাত দৰাচলতে সেই কামটোৰ প্ৰথম পৰ্য্যায়ৰ কামখিনিহে সম্পন্ন হোৱা বুলি দাৱী কৰা পোৱা গৈছে। ফলত স্বাভাৱিক ভাৱেই কৰ্মচাৰীগৰাকীৰ সেই ভাষ্যৰ পিছত এটা কামকে তিনিটাকৈ পৰ্য্যায়ত কৰিবলৈ লোৱাৰ কাৰণ কি বুলি এক প্ৰশ্ন উত্থাপিত হোৱাৰ সমান্তৰালকৈ বিষয়টোৰ আঁৰত ৰহস্য লুকাই আছে নেকি বুলি সন্দেহ প্ৰকাশ কৰাও পোৱা গৈছে স্থানীয় ভূৰখা মহল একাংশই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী