কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত কাইলৈ কৰ্ণাটক ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰপতি ভৱনে দেওবাৰে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৬ৰ পৰা ২৮ ছেপ্টেম্বৰলৈ কৰ্ণাটক ভ্ৰমণ কৰি একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে এয়াই হ’ব প্ৰথমবাৰৰ বাবে যিকোনো ৰাজ্য ভ্ৰমণ। সোমবাৰে মাইছুৰুৰ চামুণ্ডী পাহাৰত দশৰা উৎসৱৰ শুভাৰম্ভ কৰিব। একেদিনাই হুবলীত হুবলী-ধৰৱাদ পৌৰ নিগমৰ উদ্যোগত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠান ‘পৌৰা সন্মনা’ত অংশ ল’ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। লগতে ধাৰৱাডত থকা ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ নতুন কেম্পাছ উদ্বোধন কৰিব বুলিও ইয়াত লগতে কোৱা হৈছে। মঙলবাৰে বেংগালুৰুত হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ ইন্টিগ্ৰেটেড ক্ৰাইজেনিক ইঞ্জিন নিৰ্মাণ সুবিধা উদ্বোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। সেই উপলক্ষে তেওঁ ভাৰ্চুৱেলভাৱে জ’নেল ইনষ্টিটিউট অৱ ভাইৰ’লজী (দক্ষিণ মণ্ডল)ৰ আধাৰশিলাও স্থাপন কৰিব বুলি বিবৃতিটোত কোৱা হৈছে। একেদিনাই ৰাষ্ট্ৰপতিগৰাকীয়ে ছেইণ্ট জোচেফ বিশ্ববিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব আৰু বেংগালুৰুত তেওঁৰ সন্মানত কৰ্ণাটক চৰকাৰে আয়োজন কৰা নাগৰিক অভ্যৰ্থনা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব বুলিও ইয়াত লগতে কোৱা হৈছে। আৰু ২৮ ছেপ্টেম্বৰত নতুন দিল্লীলৈ উভতি আহিব ৰাষ্ট্ৰপতিগৰাকী।