নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামতাৰ বি এড কলেজত অৰাজকতা : বিত্তীয় খেলিমেলিক লৈ উত্তপ্ত পৰিচালনা সমিতিৰ সভা

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : ব্যাপক বিত্তীয় খেলিমেলিৰ অভিযোগক কেন্দ্ৰ কৰি ৰণক্ষেত্ৰত পৰিণত হ’ল নলবাৰীৰ চামতাৰ বি এড কলেজৰ বাৰ্ষিক সভা।দীৰ্ঘদিন ধৰি বি এড কলেজখনত চৰম অৰাজকতাই বিৰাজ কৰাৰ সময়তে এচাম অৰ্থলোভী অসাধু লোকৰ বাবে শিক্ষানুষ্ঠানখন ধ্বংসৰ গৰাহলৈ গতি কৰাত শৈক্ষিক মহলে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ বি এড কলেজখনত নাই গৱৰ্ণিং ব’ডী ৷ গৱৰ্ণিং ব’ডী অবিহনে উঠিৰজা-বহিৰজা হৈ আছে সাধাৰণ সম্পাদক দীপক বৰ্মন। কালি নামভৰ্ত্তিৰ দিনা ছুটী নলোৱাকৈ কলেজতেই দিনটো কটালে এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা প্ৰকল্প চামতা শৈক্ষিক সমিতিৰ সম্পাদকজনে । ইপিনে,অতি কৌশলগতভাৱে মহাবিদ্যালয় পৰিচালনা সমিতি গঠন নকৰি প্ৰকল্প চামতা শৈক্ষিক সমিতিয়ে পৰিচালনা কৰি আছে কলেজখন ৷ যাৰ বাবে বিশ্ববিদ্যালয়ৰ বহুকেইটা নিয়ম ভংগ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অঞ্চলটোৰ বহুকেইগৰাকী শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তি জড়ত থকা এই শৈক্ষিক অনুষ্ঠানখনত একপ্ৰকাৰ লবীকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰি নিজৰ মুনাফা লাভ কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছে এটা চক্ৰ ৷ বিগত সপ্তাহত অনুষ্ঠিত শৈক্ষিক সমিতিখনৰ বাৰ্ষিক সাধাৰণ সভাত বহু খেলিমেলি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত একপ্ৰকাৰ ৰণক্ষেত্ৰত পৰিণত হয় সভাস্থলী ৷ অতি কৌশলেৰে সাধাৰণ সম্পাদকৰ দায়িত্ব হস্তগত কৰা  দীপক বৰ্মনে আনুষ্ঠানিকভাৱে সভা আৰম্ভ হোৱাৰ পূৰ্ব্বে বছৰেকীয়া প্ৰতিবেদন আৰু হিচাপ দাখিল কৰাত জাঙুৰ খাই উঠে বহু গণ্যমান্য লোকেৰে গঠিত সমিতিৰ অধিকাংশ সদস্য ৷ লাখ-লাখ টকাৰ বিত্তীয় খেলিমেলিৰ অভিযোগত কেইদিনমান পূৰ্বে ৰনক্ষেত্ৰত পৰিণত হ’ল বাৰ্ষিক সাধাৰণ সভা৷ কাৰ বলত বলীয়ান  হৈ সমিতিৰ সাধাৰণ সম্পাদক দীপক বৰ্মনে সংঘটিত কৰি গৈছে চৰম অনিয়ম ৷ শৈক্ষিক,বৌদ্ধিক আৰু সাংস্কৃতিক দিশত আগবঢ়া চামতাৰ ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণন শিক্ষক প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰত এতিয়া একাংশ লোকৰ বাবে চৰম অৰাজকতাৰ সৃষ্টি হৈছে ৷ অতি কৌশলগতভাৱে বহু সদস্যৰ নাম কৰ্তন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ একপ্ৰকাৰ ৰণক্ষেত্ৰত পৰিণত হয় সভাস্থলী ৷ আনহাতে, দীপক বৰ্মনক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লাগে আন এটা পক্ষই৷ মুঠৰ ওপৰত সৃষ্টি হৈছে শিক্ষানুষ্ঠানখনত লবীকেন্দ্ৰিক ৰাজনীতি। আনহাতে ২০২২-২৩ বৰ্ষৰ বাবে উক্ত কলেজখনক ৫০ গৰাকী শিক্ষাৰ্থীক নামভৰ্তি কৰাবৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে অনুমতি প্ৰদান কৰিছে ৷ সেই অনুসৰি শুকুৰবাৰে প্ৰথম দিনাৰ নামভৰ্ত্তিৰ সময়ত সাধাৰণ সম্পাদক গৰাকী গোটেই দিনটো বি এড কলেজতে কটাই ৷ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা প্ৰধান শিক্ষক দীপক বৰ্মনে উক্ত দিনটোৰ ছুটি লৈ কলেজত উপস্থিত থকা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যদিও পশ্চিম নলবাৰী খণ্ড শিক্ষা বিষয়াই ২৩ ছেপ্টেম্বৰত দীপক বৰ্মনে কোনোধৰণৰ ছুটী লোৱা নাই বুলি জানিব দিয়ে সাংবাদিকক৷ যিহেতু সম্প্ৰতি বিদ্যালয় সমুহৰ পৰীক্ষা চলি আছে তেনেকুৱা সময়তে নিজৰ দায়িত্ব এৰি বি এড কলেজত থাকিবলৈ কেনেকৈ ছুটি পাই প্ৰধান শিক্ষক গৰাকীয়ে৷ আনহাতে,শিক্ষানুষ্ঠানখনৰ ভিতৰচৰাত সংঘটিত এনে ঘটনাৰ বাবেই অধ্যক্ষগৰাকীয়ে নিৰুপাই হৈ প্ৰশাসনৰ সহায় বিচাৰে ৷ যাৰ বাবে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মাই নামভৰ্তিৰ বিষয়টো তদাৰক কৰি শান্তিপূৰ্ণ ভাৱে নামভৰ্তি প্ৰক্ৰিয়া সমাপন হোৱাত সহায় কৰে ৷এনে শৈক্ষিক প্ৰতিষ্ঠানৰ দৰে মহৎ অনুষ্ঠানত কালিমা সনা কাৰ্যক সৰ্বত্ৰে ধিক্কাৰ দিয়াৰ লগতে বিষয়টো সন্দৰ্ভত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থায়ো চ’ছিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উচিত তদন্তৰ দাবী জনাইছে ৷ সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী , স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে সচেতন মহলে ৷

 

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like