নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা-সাহিত্যৰ চৰ্চা, গৱেষণা, উন্নয়ন আদিৰ উদ্দেশ্যে যোৱা এমাহ আগতে বঙাইগাঁৱত কোচ ৰাজবংশী ভাষা গৱেষণা আৰু উন্নয়ন সমিতি নামৰ এটি সংস্থা গঠন কৰা হয় । উক্ত সংস্থাৰ প্ৰথম বৈঠক আজি চিৰাং জিলাৰ বাসুগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয়। সংস্থাৰ সভাপতি হৰমোহন মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাত কোচ ৰাজবংশী গৱেষণা অধ্যয়ন আৰু উন্নয়ন সমিতি নামেৰে নামকৰণ কৰি কিছু সলনি কৰি আজিৰ সভাত সিদ্ধান্ত গৃহীত হয়। লগতে পূৰ্বৰ সভাপতি, উপসভাপতি, সম্পাদকৰ সলনি অধ্যক্ষ, উপাধক্ষ, প্ৰধান সচিব, সচিব ইত্যাদি নামাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংস্থাটিৰ সম্পাদক উৎপল সিংহ আঁত ধৰা সভাত সংস্থাটিক ভাষা-সাহিত্য চৰ্চা উন্নয়নত বিভিন্ন দিহা-পৰামৰ্শৰে বক্তব্য দাঙি ধৰে জেষ্ঠ-বিশিষ্ট ব্যক্তি, সাহিত্যিক অমৃত নাৰায়ণ পাটগিৰি, সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ, ধীৰেশ চন্দ্ৰ ৰায়, জ্যোৎস্না প্ৰিয়া দেৱী, পবিত্ৰ কুমাৰ ৰায়, শৰৎ চন্দ্ৰ ৰায়, নৃপেন চন্দ্ৰ ৰায় ইত্যাদিয়ে । সভাত অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰতিটো ঠাইৰ পৰা ভাষা, সাহিত্য চৰ্চা কৰা অভিঞ্জ লোকক অন্তৰ্ভুক্ত কৰি সংস্থাটিৰ পৰিসৰ বৃদ্ধি কৰা, এখনি পুথিভঁৰালৰ স্থান নিৰ্বাচন কৰা, আজীৱন কোচ ৰাজবংশী ভাষা,কলা-কৃষ্টি ৰক্ষা, জাতিৰ দুৰ্দিনত সবল ৰূপত থিয় দিয়া জাতীয়তাবাদী লেখক, বুদ্ধিজীৱীলৈ সন্মান প্ৰদৰ্শন কৰা, এখনি পূৰ্ণাংগ কোচ ৰাজবংশী ভাষাৰ ওপৰত শব্দকোষ প্ৰকাশ কৰা, সংস্থাৰ নিয়মাৱলী (বাল্য) প্ৰকাশ কৰা, পৰৱৰ্তী সংস্থাৰ সভাখন ধুবুৰী জিলাৰ বহলপুৰ-চাপৰৰ ৰত্নপীঠ কলেজত অনুষ্ঠিত কৰা ইত্যাদি সিদ্ধান্ত গ্ৰহণ কৰি সংবাদ মেলৰ আয়োজন কৰা হয় ।
প্ৰেৰক ভৃগু মুনি ৰায়