পাঠশালা ৰে’ল ষ্টেচনত সোমবাৰে মানস ৰাইনো পেছেঞ্জাৰ ৰে’লৰ ইঞ্জিন বিকল হোৱাৰ ফলত সৃষ্টি হয় এক অভূতপূৰ্ব পৰিস্থিতিৰ। ৰে’লখন পলমকৈ ষ্টেচনত উপস্থিত হোৱাৰ পিছতে শতাধিক যাত্ৰীয়ে দুৰ্ভোগৰ সন্মুখীন হয়।
জানিব পৰা মতে, প্ৰতিদিনে বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে চলাচল কৰা মানস ৰাইনো পেছেঞ্জাৰ ৰে’লখন ইঞ্জিন বিকল হোৱাৰ বাবে নিৰ্ধাৰিত সময়ত আহিব নোৱাৰিলে। পাঠশালা ষ্টেচনত উপস্থিত হোৱাৰ পিছত ৰে’ল কৰ্তৃপক্ষই ঘোষণা কৰে যে যাত্ৰীসকলে পিছফালে আহি থকা ইণ্টাৰচিটি এক্সপ্ৰেছত উঠি যাত্ৰা অব্যাহত ৰাখিব।
ঘোষণাৰ লগে লগে ষ্টেচনত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। শিশু, মহিলা আৰু বৃদ্ধকে ধৰি বহু যাত্ৰীয়ে দৌৰি ইণ্টাৰচিটি এক্সপ্ৰেছত উঠিবলৈ চেষ্টা কৰে।
কিন্তু ইণ্টাৰচিটি এক্সপ্ৰেছত অত্যধিক ভিৰ থকাৰ বাবে বহু যাত্ৰী ৰে’লখনত উঠিব নোৱাৰি ষ্টেচনতে আৱদ্ধ হৈ পৰে।
উল্লেখযোগ্য যে নামনি অসমৰ বিভিন্ন ষ্টেচনৰ পৰা বহু চৰকাৰী কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু নিত্যযাত্ৰী প্ৰতিদিনে কৰ্মস্থলীলৈ যোৱাৰ বাবে মানস ৰাইনো পেচেঞ্জাৰৰ ওপৰত নিৰ্ভৰশীল।
আজিৰ ঘটনাৰ ফলত পাঠশালা ৰে’ল ষ্টেচনত দীৰ্ঘদিনৰ পিছত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। যাত্ৰীসকলে ৰে’ল বিভাগক এনে পৰিস্থিতিৰ পুনৰাবৃত্তি ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
ডিজিটেল ডেস্ক, ২১ জুলাই