- পার্থসাৰথি মহন্ত
চকুত ক’লা কাপোৰ বান্ধি ন্যায় দিয়ে ন্যায়ৰ দেৱীয়ে আৰু নাবান্ধি…
ধর্ম৷ ভাৰতীয় দর্শনত ধর্ম হৈছে সঠিক আচৰণ আৰু সামাজিক শৃংখলা অন্তর্নিহিত হৈ থকা মহাজাগতিক আইনৰ শাশ্বত আৰু প্রকৃতিজ ৰূপ৷ ধর্ম হৈছে সত্যৰ প্রকাশ৷ ধর্ম কেৱল উপাসনা কৰা পদ্ধতি নহয়৷ ধর্ম মানৱ জীৱনৰ সর্বোচ্চ আদর্শ, যি আদর্শৰে ঈশ্বৰপ্রাপ্তি হয়৷ এই পথ সজ পথ, ন্যায়ৰ পথ৷ ভাৰতীয় দর্শনত সেয়েহে ধর্ম আৰু ন্যায় সমার্থক৷ যি ধর্মত থাকে, তেওঁহে ন্যায়ৰ পথত থাকে, ন্যায় দিব পাৰে৷ ধর্ম হৈছে ভাৰতীয় প্রাকৃতিক আইন৷ বৈদিক ধাৰণা ‘ঋত’ হৈছে ধর্মৰ মূল৷ ঋত৷ অর্থাৎ সত্য৷ সামাজিক জটিলতা বাঢ়ি অহাৰ লগে লগে অৱশ্যে ধর্ম অধিক গুৰুত্বপূর্ণ হৈ পৰিল৷ কাৰণ ধর্মত আদেশ, অনুজ্ঞা আৰু অনুশাসন আছিল৷ মহাভাৰততো কোৱা হৈছে যিয়ে জীৱৰ উৎকর্ষ সাধন কৰে, সেয়াই ধর্ম৷ অর্থাৎ ধর্মই জীৱৰ কল্যাণ সাধন কৰে৷ ধর্ম হৈছে সত্য, ন্যায্য আৰু নৈতিক৷ ধর্মই সমাজ আৰু মানুহৰ হিত সাধন কৰে৷ কাৰণ ধর্ম সত্য আৰু সত্যই ন্যায়৷
এ এছ নাৰায়ণা বনাম অন্ধ্রপ্রদেশ গোচৰত ছুপ্রিম ক’র্টেও কৈছে ধর্ম ৰিলিজন নহয়৷ ধর্ম ৰিলিজনৰ পৰা পৃথক৷ স্বপ্ণদর্শী পদ্ধতি আৰু ধর্মতত্ত্বই ৰিলিজনক সমৃদ্ধ কৰে, কিন্তু বাস্তৱ জগতৰ প্রত্যক্ষ অভিজ্ঞতাই ধর্মক প্রস্ফুটিত কৰে৷ দত্তাত্রেয় গোবিন্দ মহাজন বনাম মহাৰাষ্ট্র গোচৰৰ ৰায়তো উচ্চতম ন্যায়ালয়ে সংবিধানৰ ধর্ম আৰু বিচাৰৰ কর্মৰ ওপৰত আলোকপাত কৰিছে৷ নাৰায়ণা দীক্ষিটুলু গোচৰত উচ্চতম ন্যায়ালয়ে আনকি এয়াও কৈছে যে ৰাজশাসনৰ প্রসংগত ধর্মই আইন আৰু ধর্ম ধর্ম–নিৰপেক্ষ, আটাইতকৈ বেছি ধর্ম–নিৰপেক্ষ৷
ভাৰতীয় সংবিধানৰ ১৪১ অনুচ্ছেদত কোৱা হৈছে ছুপ্রিম ক’র্টে ঘোষণা কৰা আইন ভাৰতৰ সকলো ক’টৰ ওপৰত বাধ্যতাবাধক হ’ব৷ ১৪৪ অনুচ্ছেদে কৈছে যে সকলো অসামৰিক আৰু ন্যায়িক অথৰিটীয়েই ছুপ্রিম ক’টক সহায় কৰিব লাগিব৷ অন্যথা কনটেমপ্ঢ হ’ব৷ গতিকে ছুপ্রিম ক’টৰ ধর্মৰ ব্যাখ্যাও ধ্রুৱ৷
লেডী জাষ্টিচ৷ ন্যায়ৰ দেৱী৷ চকু বন্ধা, বাঁওহাতত তুলাচনী আৰু সোঁহাতত তৰোৱাল৷ চকু বন্ধা কাৰণ পক্ষপাত নকৰে, তুলাচনীত হক–বিহকৰ বিচাৰ কৰে আৰু তৰোৱালেৰে ন্যায় বলৱৎ কৰে৷ অর্থাৎ প্রাচীন আইনৰ দৰে আধুনিক আইনো ধর্মৰ ওপৰত প্রতিষ্ঠিত৷
ন্যায়ৰ তুলাচনীখনত বাদী–বিবাদী উভয়ে সমানে নিজৰ যুক্তিৰ ভৰ দিব পাৰে৷ এই আদর্শকে আধুনিক আইনে আৰু এখোপ ওপৰলৈ লৈ গ’ল৷ এতিয়া বাদী–বিবাদী উভয়ে সমানে নিজকে সবল কৰিব পাৰে– নতুন তথ্যৰে, নতুন তথ্যক ভেটি কৰি নতুন যুক্তিৰে৷ ৰাইট টু ইনফৰমেচন৷ তথ্য জনাৰ আইন৷ তথ্য জনাবলৈ শাসনযন্ত্র বাধ্য৷ আইনৰ চকুত সকলোকে সমান কৰাৰ এক আধুনিক প্রচেষ্টা৷ কাৰণ ভাৰতীয় ন্যায়িক ব্যৱস্থা কিছুমান নির্দিষ্ট স্বতঃসিদ্ধ বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত৷ সন্দেহাতীত প্রমাণেৰে দোষী সাব্যস্ত নোহোৱালৈকে পদকীয়া নির্দোষী৷ বেঞ্জামিন ফ্রেংকলিনেও কৈছিল, ‘এশজন দোষী সাৰি যাওক, কিন্তু এজনো নির্দোষী বিনাকাৰণত ভুগিব নালাগে৷’
ব্লেকষ্ট’ন ৰেচি’৷ ‘১০জন দোষী বাচি যাওক, কিন্তু এজনো নির্দোষী দোষী সাব্যস্ত নহওক৷’ ঊনবিংশ শতিকাৰ ব্রিটিছ ন্যায় ব্যৱস্থাত ই হৈ পৰিছিল এক আপ্তবাক্য৷ আমেৰিকাৰ প্রতিষ্ঠাতা পিতাসকলেও এই খণ্ডবাক্য আওৰাইছিল৷
ভাৰতীয় ফৌজদাৰী আইনতো দোষী প্রমাণ নোহোৱালৈকে অভিযুক্তক নির্দোষী বুলি ধৰা হয়৷ এয়া চিৰাচৰিত নীতি৷
এই সময় পৰীক্ষিত প্রাচীন পৰম্পৰা কিন্তু এতিয়া প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ ন্যায়ৰ দেৱীয়ে প্রতীকী কৰা আদর্শৰ ঊর্ধ্বত গৈ এতিয়া এক নতুন ন্যায় ব্যৱস্থা৷ আদালতৰ ৰায়লৈ ৰ’বলৈ এতিয়া সময় নাই, আইনৰ প্রতিও ভ্রূক্ষেপ নাই৷ আমাৰ বহুতৰে এতিয়া বিচাৰক হোৱাৰ প্রৱণতা৷ কোনো এক বিশেষ আইনৰ বা অধিকাৰৰ কান্ধত ভৰ দি আন সকলো ৰীতি–নীতি, প্রথা–ব্যৱস্থাক মষিমূৰ কৰি পেলোৱাৰ প্রৱণতা৷
মোৰ যদি কথা কোৱাৰ এটা প্লেটফর্ম আছে– মই বিচাৰক৷ মোৰ যদি লিখাৰ এটা ফ’ৰাম আছে– মই বিচাৰক৷ মোৰ সন্মুখত বাদীও নালাগে, বিবাদীও নালাগে৷ মোক গুচৰীয়াও নালাগে, পদকীয়াও নালাগে৷ মোক মাত্র এটা ইছ্যু লাগে৷ আচলতে কিবা এটাক ইছ্যু কৰি তুলিবলৈ মোৰ মন গ’লেই হ’ল৷ দোষী মই বাছি ল’ম, বিচাৰ কৰিম৷ ৰায় দিম৷ কেতিয়াবা মই দোষী আগতে বাছোঁ, তাৰ পিছত বিচাৰ কৰোঁ আৰু ৰায় দিওঁ৷
ক’ড অৱ ক্রিমিনেল প্রচিডিউৰৰ ৪৮২ ধাৰাই উচ্চ ন্যায়ালয়ক কিছু অন্তর্নির্দিষ্ট ক্ষমতা দিছে৷ ন্যায় সুনিশ্চিত কৰাৰ উদ্দেশ্যে উচ্চ ন্যায়ালয়ে অধীনস্থ ক’টৰ প্রক্রিয়া স্থগিত বা বন্ধ কৰি দিব পাৰে৷ মই উচ্চ ন্যায়ালয়ৰ দৰে আইনী প্রক্রিয়া আইনগতভাৱে বন্ধ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু এনে প্রক্রিয়াক লৈয়ে প্রচণ্ড প্রশ্ণ আৰু সন্দেহৰ সৃষ্টি কৰিব পাৰোঁ৷ কাৰণ মই কথা কওঁ৷ বাক্ স্বাধীনতাৰ দোহাই দিও, মই লিখোঁ৷
আৰু মই মোটামুটি নিশ্চিত হৈ থাকোঁ যে মোৰ ওপৰত কোনো আইনী প্রক্রিয়া নহয়৷ ৪৮২ চি আৰ পি চিত মোৰ বিচাৰ প্রক্রিয়া ৰদ নহয়৷ সেয়েহে মই মোৰ মতে বিচাৰ কৰোঁ৷ যাক দোষী সাব্যস্ত কৰিম, তাক মই কেতিয়াও আত্মপক্ষ সমর্থনৰ সুবিধা নিদিম৷ কোনোবাই যদি চেষ্টা কৰে, সেয়া মই মোৰ বাক্ স্বাধীনতাৰ ওপৰত আক্রমণ বুলি মষিমূৰ কৰি দিম৷ আর্টিকল ১৯৷ ৰাইট টু ফ্রীডম অৱ স্পীচ্চ এণ্ড এক্সপ্রেচন৷ মই সংবিধানৰ ১৯ অনুচ্ছেদৰ সহায় ল’ম৷ মোৰ মত প্রকাশৰ স্বাধীনতাৰ দোহাই দি মই মোৰ টার্গেটৰ স্বাধীনতা নস্যাৎ কৰি দিওঁ৷
আমি/মই খাপ পঞ্চায়তক হাঁহোঁ৷ অশিক্ষিত, মধ্যযুগীয়, সামন্তবাদী৷ এটা কথা কিন্তু৷ খাপ পঞ্চায়তে নিজৰ সিদ্ধান্তৰ দায়িত্ব লয়৷ অ’নাৰশ্বিপ লয়৷ আমি কিন্তু বিপদত পৰিলে সেইটোও নকৰোঁ৷ নির্দিষ্ট ইছ্যুটোত নোৱাৰা যেন দেখিলে আমি টার্গেটক ব্যক্তিগত আক্রমণ কৰিম৷ এইটো ষ্ট্রেটেজীয়ে কাম নিদিলে আমি দল গোটাম৷ দুর্যোধনে কুৰুক্ষেত্র যুদ্ধৰ বাবে খুজি খুজি সৈন্য গোটোৱাদি৷ আমি মার্চিনেৰি আনিম৷ হাতত বন্দুক লোৱা নহয়৷ কিবা বিনিময়ত মুখেৰে এল এম জি চলোৱা৷ তেতিয়াও যদি কাম নহয়, এছকেপ ৰুট বিচাৰিম৷ পলাই যাম৷ আনলৈ দোষ ঠেলি দিম আৰু সন্তর্পণে গোটেই বিষয়টোৰ পৰাই ওলাই যাম৷ ফুটবলটো ভৰিত নলগোৱাকৈয়ে আমাক খেল জিকিবলৈ লাগে৷ প্রয়োজন হ’লে গ’লপ’ষ্ট সলাই পেলাম, কিন্তু নিজেই গ’ল নাখাওঁ৷
ডাইনী হত্যা৷ আমাৰ সমাজৰ এক সহিব নোৱাৰা কলংক৷ ব্যক্তিগত আৰু ৰাজহুৱা ফ’ৰাম সকলোতে আমি বিৰোধিতা কৰোঁ৷ কিন্তু সেই একেই ফ’ৰামত আমি কাৰোবাক সামাজিকভাৱে মাৰি পেলাবলৈ কুণ্ঠাবোধ নকৰোঁ৷ আমি গৌৰৱহে কৰোঁ ফালি দিলোঁ বুলি৷ কাৰণ আমি জানো যে শাৰীৰিকভাৱে কৰা হত্যাতকৈ সামাজিকভাৱে কৰা হত্যা অধিক ভয়ংকৰ৷ সেয়েহে আমি উদাহৰণ সৃষ্টি কৰিব বিচাৰোঁ৷ মই যদি কাঁড় মাৰোঁ, প্রতিআক্রমণ নকৰিবা৷ যদি কৰা তোমাক এশডাল কাঁড় মাৰিম৷ তেতিয়াও অৱশ্যে যদি প্রতিআক্রমণ হয়, মই যুদ্ধক্ষেত্রৰ পৰা পলাই যাম৷ এনেয়েওতো মই শিখণ্ডীৰ আঁৰতে থাকোঁ৷
মই স্বাধীনতাৰ অধিকাৰ প্রলিপ্ত খাপ পঞ্চায়ত, শিখণ্ডী আবৃত্ত ডাইনী হত্যাকাৰী৷ সেই বলেৰে বলীয়ান হৈ মই বৈধ ন্যায় ব্যৱস্থাকো প্রভাৱিত কৰিবলৈ চেষ্টা কৰোঁ৷ তদন্ত কেনেকৈ হ’ব লাগে কওঁ৷ কাৰণ আমিতো সাংবিধানিক আইনী প্রক্রিয়া বা বিচাৰৰ ফলাফললৈ নৰওঁ৷ আমিতো আগতেই ৰায় দি দিওঁ৷ গতিকে তদন্ত প্রক্রিয়া, আইনী প্রক্রিয়াক আমি প্রভাৱিত কৰিবলৈ চেষ্টা কৰোঁ, আমি দিয়া সিদ্ধান্তক নিয়মীয়া কৰিবলৈ৷
আইনৰ আঁৰ লৈ ন্যায় আৰু ৰাইজৰ নামত চলোৱা দৌৰাত্ম্যতকৈ ভয়াৱহ স্বৈৰতন্ত্র আৰু একো নাই৷ কাৰণ আমি ৰাইজৰ আঁৰ লৈ ৰাইজৰ নামত ৰাইজক শোষণ কৰিবলৈ এৰি দিওঁ৷
মোক সহজতে ঢুকি নাপায় বুলিয়েই মই নিৰাপদ দূৰত্বত থাকি মোৰ সুবিধা মতে, মোৰ ইচ্ছা মতে ছিৰিয়েল সামাজিক হত্যা কৰি যাম, সেয়া হ’ব নোৱাৰে৷ ঢ়েমাধৰা নীতিবাগীশেৰে পৰিৱেষ্টিত হৈ মই যি মন যায় তাকে কৰিম সেয়া হ’ব নোৱাৰে৷
সেয়া হৈ থাকিবলৈ দিব নোৱাৰি৷ আমি অন্যায় প্রতিহত কৰিব লাগিব৷ আমি অন্যায় ৰোধ কৰিব নোৱাৰিব পাৰোঁ, চেষ্টাতো কৰিব পাৰোঁ৷ সেয়া লাগে গব্বৰ সিঙৰ অন্যায় হওক বা মুখা পিন্ধি কৰা অন্যায় হওক৷ আমি বাধা দিব লাগিব৷ ভয় কৰি থাকিলে নহ’ব৷ আমি সাহস গোটাব লাগিব৷ কাপুৰুষেৰে ভৰা সমাজত সামাজিকভাৱে হত্যা হোৱাই ভাল৷ তেনে সমাজত কাপুৰুষহে জীয়াই থাকে৷ যোদ্ধাক চক্রবেহুত হত্যাৰ চেষ্টা হয়৷
এই কুশক্তিৰ বালিলৈ যিপাট শৰ, সুগ্রীৱলৈও বেলেগ এপাট শৰ৷ এওঁলোকে ন্যায়কতো প্রতাৰণা কৰেই, বিবেকৰ আদালতক কোনো গুৰুত্বই নিদিয়ে৷
বুৰঞ্জীব্যাপী আমি একেই সত্য প্রত্যক্ষ কৰি আহিছোঁ৷ আমি যিখিনি মানুহে বুজি পাওঁ, বুজি পায়ো সময়ৰ কাম সময়ত নকৰোঁ, আমাৰ উদাসীনতা আৰু নিষ্ক্রিয়তাৰ কাৰণেই ন্যায়ৰ কণ্ঠ চুপ হৈ ৰয় আৰু সততাৰ মুখা পিন্ধা কুশক্তিৰ বিজয় হয়৷ সেয়া হ’বলৈ দিব নোৱাৰি৷
নহ’লে, ন্যায়ৰ দেৱীয়ে ক’লা কাপোৰখন খুলি চকু মেলি ন্যায় দিব লাগিব