নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ইণ্ডিয়ান অইল এথলেটিক মীট

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: সৰুসজাইৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত কাইলৈৰ পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’ব লক্ষ্য–ইণ্ডিয়ান অইল এথলেটিক মীট৷ গুৱাহাটী শোধনাগাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এথলেটিক মীটত ২৭টা দলে অংশগ্রহণ কৰা ৩৪৮গৰাকী খেলুৱৈয়ে ১৭টা ইভেণ্টত অংশ লৈছে৷ ১৫০০, ১০০, ২০০, ৪০০ আৰু ৮০০ মিটাৰ ট্রেক ইভেণ্ট, হাইজাম্প, শ্বটপুত, ত্রিপল জাম্প, লং জাম্প আৰু ডিছকাছ থ্র’ অন্তর্ভুক্ত আছে৷ উক্ত খেলত শোধনাগাৰৰ উপৰি বিপণন, পাইপলাইন, গৱেষণা আৰু উন্নয়ন সামৰি ইণ্ডিয়ান অইলৰ বিভিন্ন বিভাগৰ দলসমূহে অংশ ল’ব৷ কাইলৈ কামাখ্যা মন্দিৰত ইণ্ডিয়ান অইলৰ এথলেটিক মীটৰ টর্চ ৰেলীৰ শুভাৰম্ভ কৰিব ইণ্ডিয়ান অইলৰ সঞ্চালক (মানৱ সম্পদ) ৰঞ্জন কুমাৰ মহাপাত্রই৷

You might also like