নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯–১০ অক্টোবৰত দেৰগাঁৱত আৰক্ষী অধীক্ষক সন্মিলনঃ প্রস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রী ড০ শর্মাই

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ:  শনিবাৰে নিশা কাজিৰঙাৰ পৰা আহি হঠাৎ দেৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ দেৰগাঁও আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ত নতুনকৈ নির্মাণ কৰা অসম আৰক্ষীৰ সভাকক্ষ মুখ্যমন্ত্রী ড০ শর্মাই পৰিদর্শন কৰে৷ উল্লেখ্য যে এই নৱনির্মিত সভাকক্ষতে অহা ৯ আৰু ১০ অক্টোবৰত আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হ’ব৷ উক্ত সন্মিলন উদ্বোধন কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ সেয়ে মুখ্যমন্ত্রী ড০ শর্মাই নৱনির্মিত সভাকক্ষ পৰিদর্শনৰ লগতে আৰক্ষী অধীক্ষকসকলৰ সন্মিলনৰ প্রস্তুতি সম্পর্কে বুজ লোৱাৰ বাবে নিশা দেৰগাঁৱত উপস্থিত হয় আৰু নিশাৰ ভাগতেই কাজিৰঙালৈ উভতি যায়৷ সাংবাদিকৰে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেৰগাঁৱত বর্তমান নির্মাণ চলি থকা অসম পুলিচ একাডেমীৰ প্রথম পর্যায়ৰ কাম অহা আগষ্ট মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷ মুখ্যমন্ত্রীৰ সৈতে এই ভ্রমণত মন্ত্রী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে৷

You might also like