বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ বিশ্ব হৃদ দিৱসৰে সংগতি ৰাখি ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”য়ে গুৱাহাটী মহানগৰীত এটি স্বাস্থ্য সজাগতা শোভাযাত্ৰা উলিয়ায় ৷ কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়াৰ উত্তৰ-পূৰ্বাঞ্চল শাখা, দিছপুৰ হাস্পতাল আৰু গ্ৰীন ক্লাছেচ, গুৱাহাটীৰ সহযোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ সহৃদয় গোষ্ঠীৰ সভাপতি, হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদক আৰু তথ্য-প্ৰচাৰ সম্পাদক নৱজ্যোতি পাঠকে প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ যে বৰ্তমানৰ বিভিন্ন চাপযুক্ত জীৱনশৈলী আৰু প্ৰকৃতিৰ সন্তুলনহীনতাই সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো ক্ৰমবৰ্দ্ধিত হৃদৰোগৰ অন্যতম কাৰণ ৰূপে বিবেচিত হৈছে ৷ এই বিষয়ে সজাগতা সৃষ্টি কৰি জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি সচেতন কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে ২৯ ছেপ্টেম্বৰত বিশ্ব হৃদ দিৱস উদ্যাপন কৰি অহা হৈছে ৷ এই উদ্দেশ্যে আজি “খোজে খোজে ফুলি উঠে অনুপম জীৱন”, “খোজ কাঢ়ি সুন্দৰ সুশীল জীৱনশৈলী গঢ়ক”, “খোজ কাঢ়ক ইন্ধন বচাওক ”, “অপৰূপ প্ৰকৃতিক সংৰক্ষণ কৰক”, “খোজ মুলধন , স্বাস্থ্য পৰম ধন” আদি আকৰ্ষণীয় শ্লোগান সম্বলিত নিচান লৈ দিছপুৰ হাস্পতালৰ পৰা মহানগৰীৰ ৰাজপথত এই সমদল উলিওৱা হয় ৷ সমদলত কাৰ্ডিঅ’লজিকেল ছ’চাইটিৰ উত্তৰ-পূৰ্বাঞ্চল শাখাৰ সভাপতি ডাঃ অমিয় কুমাৰ শৰ্মা, ডাঃ বনজিৎ চৌধুৰী, ডাঃ এচ এন গোস্বামীকে ধৰি কেইবাগৰাকী বিশিষ্ট চিকিৎসকেও অংশগ্ৰহণ কৰে৷ ইপিনে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি ডাঃ চন্দন মোদকৰ নেতৃত্বত আজি মহানগৰীৰ সোণকুছিত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ সোণালী সংঘৰ সহযোগত আয়োজন কৰা এই শিবিৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কনিষ্ঠ চিকিৎসক সংস্থাৰ এটি ১১জনীয়া চিকিৎসকৰ দলে অংশগ্ৰহণ কৰি ২৫৭গৰাকী বিভিন্ন বয়সৰ লোকৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ শিবিৰত বিনামূলীয়াকৈ ই চি জি , ৰক্তচাপ, তেজৰ শৰ্কৰা পৰীক্ষা কৰাৰ লগতে দৰৱ বিতৰণ কৰা হয় ৷
আগমনিত বিশ্ব হৃদ দিৱস
ধুবুৰীৰ আগমনিতো আজি বিশ্ব হৃদ দিৱস উদ্যাপন কৰে “দ্য হাৰ্ট , সহৃদয় গোষ্ঠী“য়ে ৷ গোষ্ঠীৰ উপ-সভাপতি প্ৰদীপ কুমাৰ সেন আৰু সতীৰ্থসকলে অঞ্চলটোত চাইকেল সমদল উলিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷ তদুপৰি বিশ্ব হৃদ দিৱসৰে সংগতি ৰাখি আগমনিত এটি বিনামূলীয়া চিকিৎসা শিবৰৰ আয়োজন কৰা হয় ৷ ইয়াতো ডাঃ ধীমেন্দ্ৰ ৰয়ৰ সৈতে চিকিৎসকৰ এটি দলে তিনি শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সমান্তৰালকৈ সজাগতামূলক প্ৰচাৰ চলায়৷