আজিৰ দিনটোৰ ৰাশিফল
মেষ: কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু খেলিমেলি৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
বৃষ: আর্থিকত অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই৷ নতুন দ্রব্য ক্রয় কৰিব পাৰে৷ বিদ্যাত একো বাধা নাই৷ নতুন নিযুক্তিৰ বাবে যোগাযোগত শুভ ফল পাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
মিথুন: আজিৰ দিনটো খুব আশাপ্রদ দেখা যায়৷ কর্মক্ষেত্রত আশা কৰা মতে ফল পাব৷ প্রাপ্যাদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব৷ নতুন কামৰ চেষ্টাত দূৰ যাত্রা৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৫৷
কর্কট: ৰাজনীতিত থকাবোৰৰ উদ্বেগ বৃদ্ধি৷ আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব৷ আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব৷ ব্যৱসায়ীসকলৰ মন অস্থিৰ হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
সিংহ: শৰীৰ খুব ভাল বুলিব নোৱাৰি৷ তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ বাহিৰলৈ যোৱাৰ সম্ভাৱনা৷ সৰু–সুৰা আঘাতৰ বাবে সতর্ক হওক৷ প্রেমত উৎসাহ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
কন্যা: ঘৰুৱা পৰিৱেশ সিমান প্রতিকূল নহ’ব৷ শাৰীৰিক সামান্য উন্নত৷ পঢ়া–শুনাত থকাসকলে বিশেষ যত্ন কৰক৷ ব্যৱসায়ত বাধা নাই৷ প্রেমত বেয়া দেখা নাযায়৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
তুলা: আর্থিকত কষ্ট দেখা যায়৷ প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত৷ আজি নহ’লেও দুদিনমানলৈ অপেক্ষা কৰক৷ শৰীৰ ভালে ৰাখক৷ ভ্রমণত আহুকাল৷ দাম্পত্যত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
বৃশ্চিক: সাহসিকতাৰে কর্মত আগুৱাৰ চেষ্টা কৰক৷ কর্মক্ষেত্রত যোগ্যতা ৰখাৰ চেষ্টা কৰক৷ খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে৷ বিদ্যাত শুভ৷ উদ্বেগ আদিৰ কিছু সমাধানৰ আশা৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৬৷
ধনু: আয় বৃদ্ধি আৰু বৈষয়িক উন্নতিৰ শুভ যোগ৷ কর্মজীৱনৰ শুভাৰম্ভ আৰু পাৰিবাৰিক স্বচ্ছলতা৷ সামাজিক কামত খ্যাতি লাভ৷ শাৰীৰিক শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
মকৰ: বিদ্যাত মধ্যম৷ দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে৷ পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
কুম্ভ: ব্যৱসায়ীসকল সতর্ক থাকক৷ কর্মক্ষেত্রত বাধাৰ মাজেদি সফলতা পাব৷ শৰীৰৰ প্রতি চিন্তা কৰাটো দৰকাৰ৷ ঘৰুৱা মতান্তৰ৷ যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
মীন: কর্মক্ষেত্রত যোগ্যতা বজাই ৰখাৰ চেষ্টা কৰক৷ কাৰোবাৰ বাবে মনত দুখ পাব পাৰে৷ ভাই–ভনীৰ বিয়াৰ কথাত সুখী হ’ব৷ আর্থিক দিশত সতর্ক হওক৷ ভ্রমণ পাৰিলে স্থগিত ৰাখক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ২৷