নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : নগাঁও জিলাৰ পুৰণিগুদাম কলংপাৰৰ ছিনিয়ৰ চেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজত আজি দিনজোৰা কাৰ্যসুচীৰে নৱাগত আদৰণী সভাখন অনুষ্ঠিত হয় ৷ কনিষ্ঠ মহাবিদ্যালয় খনৰ অধ্যক্ষ পৱিত্ৰ বৰাই বন্তি প্ৰজ্বলন কৰা নৱাগত আদৰণী সভাখনত ছাত্ৰছাত্ৰীসকলে গুৰু বন্দনাৰে মঞ্চ মুকলি কৰে ৷কনিষ্ঠ মহাবিদ্যালয় খনৰ সভাপতি মহিকান্ত কলিতা আৰু উপসভাপতি ডাঃ বিকাশ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা নৱাগত আদৰনি সভাখনত বিশিষ্ট অতিথি হিচাপে মাধৱদেৱ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক প্ৰবীন কটকী উপস্থিত থাকি ভাষন প্ৰসংগত কয় যে শিক্ষিত হোৱা আৰু জ্ঞানী হোৱাৰ মাজত পাৰ্থক্য আছে ৷ বৰ্তমান সমাজত শিক্ষিত লোকৰ সংখ্যা বাঢ়িছে যদিও জ্ঞানৰ অধিকাৰী লোকৰ সংখ্যা বঢ়া নাই৷ গতিকে ছাত্ৰছাত্ৰী সকলে শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে সামাজিক জ্ঞানৰ অধিকাৰী হোৱাৰ প্ৰয়োজন আছে ৷ জ্ঞানী হবলৈ সত গুনবোৰ আয়ত্ত কৰিব লাগিব ৷ ছাত্ৰছাত্ৰী সকলে মহান ব্যক্তি সকলৰ জীৱনী পঢ়িব লাগে ৷ সেই জীৱনী পঢ়িলে ছাত্ৰছাত্ৰী সকলে নিশ্চয় অনুপ্ৰেৰণা পাব বুলি প্ৰাক্তন প্ৰধান শিক্ষক গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে৷ কনিষ্ঠ মহাবিদ্যালয় খনৰ অধ্যক্ষ পবিত্ৰ বৰাই আতঁ ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অচুৎ শইকীয়া আৰু ৰমজান আলি উপস্থিত থাকি ছাত্ৰছাত্ৰী সকলক উদ্দেশ্যি শিক্ষামুলক ভাষণ প্ৰদান কৰে ৷ উক্ত অনুষ্ঠানতে ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উক্ত কনিষ্ঠ মহাবিদ্যালয় খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰী সকলক গামোছা আৰু অভিনন্দন প্ৰত্ৰৰে সম্বৰ্দ্ধিত কৰা হয়৷ পুৰণিগুদাম কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰছাত্ৰী সকলে আজি অনুষ্ঠিত হোৱা নৱাগত আদৰনি সভা খনত সমবেত সংগীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সফল কৰি তোলে ৷লগতে নৱাগত আদৰনি সভা খনত কনিষ্ঠ মহাবিদ্যালয় খনৰ ছাত্ৰছাত্ৰী সকলে একক নৃত্য জেংবিহু দলীয় নৃত্য বিহু নৃত্য নাটক আৰু আধুনিক গীতকে ধৰি বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক প্ৰমোদ শৰ্মা