দুদিনীয়া কার্যসূচীৰে অসমলৈ ৰাষ্ট্রপতি দ্রৌপদী মুর্মু
বিশেষ বাৰ্তা, ১১ অক্টোবৰঃ ৰাষ্ট্রপতি হিচাপে দায়িত্বভাৰ গ্রহণৰ পাছতেই প্রথমটো অসম ভ্রমণলৈ আহিব দ্রৌপদী মুর্মু ৷ দুদিনীয়া কার্যসূচীৰে ১৩ অক্টোবৰত গুৱাহাটীত উপস্থিত হ’বলগা ৰাষ্ট্রপতিয়ে গুৱাহাটী আইআইটি আৰু কলাক্ষেত্রত অংশ ল’ব বিশেষ অনুষ্ঠানত৷ সেই অনুসৰি ১৩ অক্টোবৰত ত্রিপুৰাৰ পৰা বায়ুসেনাৰ বিমানেৰে দুপৰীয়া এক বজাত বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হ’বলগা ৰাষ্ট্রপতি মুর্মুৱে বিমান বন্দৰতেই অসম আৰক্ষীৰ অভিৱাদন গ্রহণ কৰিব৷ তাৰ পাছতেই বায়ু সেনাৰ হেলিকপ্টাৰেৰে খানাপাৰাত উপস্থিত হৈ ৰাষ্ট্রপতিগৰাকীয়ে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত ক্ষন্তেক জিৰণি ল’ব৷ দুপৰীয়াৰ আহাৰ কইনাধৰাৰ অতিথিশালাত গ্রহণ কৰাৰ পাছতেই বিয়লি প্রায় ৪.৩০ বজাত উপস্থিত হ’ব গুৱাহাটীৰ আইআইটিত৷ উচ্চ শিক্ষা প্রতিষ্ঠানখনত কেইবাটাও কার্যসূচীত অংশগ্রহণৰ পাছতেই ৰাষ্ট্রপতিগৰাকী উভতি আহিব কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালালৈ৷ আনহাতে সন্ধিয়া সাত বজাত ৰাষ্ট্রপতিগৰাকী উপস্থিত হ’ব অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত৷ ইয়াতেই তেওঁৰ সন্মানার্থে আয়োজন কৰা বিভিন্ন জনগোষ্ঠীয় নৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানত অংশ ল’ব ৰাষ্ট্রপতিগৰাকীয়ে৷ নিশা কইনাধৰাত কটোৱাৰ পাছত পিছদিনা অর্থাৎ ১৪ অক্টোবৰত দ্রৌপদী মুর্মুৱে কামাখ্য মন্দিৰ দর্শন কৰিব৷ পুৱা ৯.৩০ বজাত কামাখ্যা মন্দিৰ দর্শনৰ পাছতেই দিনৰ ১১ বজাত তেওঁ উপস্থিত হ’ব শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত৷ ইয়াতেই ৰাষ্ট্রপতিগৰাকীয়ে চাহ বাগিচাৰ আদর্শ বিদ্যালয় ভার্ছুৱেলী উদ্বোধন কৰাৰ পাছতে ধুবুৰী চিকিৎসা মহাবিদ্যালয়খনো ভার্ছুৱেলী উদ্বোধন কৰিব৷ আনহাতে বিয়লি গুৱাহাটীৰ পৰাই দিল্লী অভিমুখে উৰা মাৰিব ৰাষ্ট্রপতিগৰাকী৷ ইতিমধ্যে ৰাষ্ট্রপতীগৰাকীৰ আগমনক লৈ জিলা প্রশাসনে বিশেষ তৎপৰতা আৰম্ভ কৰিছে৷