নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বছৰ পিছত জন্মভূমি পাকিস্তানত মালালা

- ড০ মালিনী

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ তালিবানৰ আক্রমণত ১০ বছৰ পূর্বে গুৰুতৰভাৱে আহত হৈছিল মালালা ইউছুফজাই৷ ১০ বছৰ পিছত আজি জন্মভূমি পাকিস্তানত উপস্থিত হৈছে মালালা৷ বন্যাত বিপর্যস্ত লোকসকলৰ সৈতে মত বিনিময় কৰিছে ন’বেল শান্তি বঁটা বিজয়ী মালালা ইউছুফজায়ে৷ মালালাৰ এই পদক্ষেপৰ মূল কাৰণ হৈছে বান বিধ্বস্ত পাকিস্তানলৈ যিকোনো প্রকাৰে আন্তর্জাতিক সাহায্য আনিব লাগে৷ মালালাৰ উপস্থিতিৰ লগে লগে বন্যার্ত লোকসকলৰ দুর্যোগৰ কথা বিস্তাৰিতভাৱে প্রকাশ পাইছে সংবাদ মাধ্যমত৷ ন’বেল শান্তি বঁটা বিজয়ী মালালাৰ স্বেচ্ছাসেৱী সংগঠন ‘মালালা ফাণ্ড’ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি পাক চৰকাৰে নিৰাপত্তাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ উল্লেখনীয় যে যি সময়ত মালালা জন্মভূমি পাকিস্তানলৈ উভতিছে সেই সময়ত তেওঁৰ চহৰ মিনগোড়াত পুনৰ তালিবানৰ অত্যাচাৰ বৃদ্ধি পাইছে৷ প্রতিবাদত নামিছে মালালাৰ প্রাক্তন বান্ধৱীসকল৷ ১৫ বছৰ বয়সত নাৰী শিক্ষাৰ প্রসাৰৰ বাবে প্রচাৰ চলাইছিল মালালা ইউছুফজায়ে৷ তেতিয়াই পাক তালিবানে মালালাক গুলীয়াইছিল৷ আফগান তালিবানৰ নীতি অনুসৰণ কৰিয়েই পাক তালিবানে নাৰী শিক্ষাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছিল৷ কিন্তু পাকিস্তানত আজিও নাৰী শিক্ষাৰ প্রসাৰৰ আন্দোলন অব্যাহত আছে৷

You might also like