নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ বিশ্বৰ একাধিক স্থানত তাপ দহনৰ তীব্রতা ইমান বৃদ্ধি পাব যে কার্যতঃ ধ্বংসৰ সন্মুখীন হ’ব মানৱ সভ্যতা৷ এটাৰ পিছত এটাকৈ জনবহুল অঞ্চল হৈ পৰিব বসবাসৰ অনুপযুক্ত৷ এক প্রতিবেদনত সোমবাৰে ৰাষ্ট্রসংঘ আৰু ৰেডক্রছ ছ’চাইটীয়ে এই আশংকাৰ কথা উল্লেখ কৰিছে৷ সংস্থা দুটাই প্রতিবেদনত উল্লেখ কৰা অনুসৰি আফ্রিকাৰ বিস্তীর্ণ অঞ্চল এতিয়া প্রচণ্ড তাপ দহনৰ গ্রাসত পৰিছে৷ হর্ন অৱ আফ্রিকা তথা আফ্রিকাৰ মূল মহাদেশীয় ভূ–খণ্ডৰ পূব প্রান্তৰ অঞ্চল, চাহাৰা অঞ্চল আৰু দক্ষিণ–পশ্চিম এছিয়াত তাপ প্রবাহৰ প্রভাৱ আটাইতকৈ বেছি হ’ব৷ ছোমালিয়া আৰু পাকিস্তানৰ দৰে দেশত এতিয়াই তাপ প্রবাহে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে৷ ধাৰণা কৰা হৈছে যে ভৱিষ্যতে এই দেশসমূহত পৰিস্থিতি অধিক বিষময় হৈ পৰিব৷ পৰিৱেশৰ অৱক্ষয় আৰু তাপ প্রবাহৰ ফলত বৃদ্ধি পাব প্রাণহানিৰ ঘটনা৷ ইফালে, প্রকৃতিৰ বুকুলৈ নামি আহিব ন ন বিপর্যয়৷ ৰাষ্ট্রসংঘৰ মানৱীয় বিষয় সম্পর্কীয় বিভাগৰ মুৰব্বী মার্টিন গ্রিফিটছৰ মতে তাপ প্রবাহ, খৰাং বা বন্যাৰ দৰে পৰিস্থিতিয়ে বেছি ক্ষতিগ্রস্ত কৰিব উন্নয়নশীল দেশসমূহত৷ সংস্থা দুটাৰ গৱেষণামূলক প্রতিবেদনত উল্লেখ কৰা অনুসৰি এতিয়াই এই গোলকীয় উষ্ণতা বৃদ্ধি বা অত্যধিক তাপ প্রবাহৰ মোকাবিলা কৰিবলৈ পদক্ষেপ গ্রহণ নকৰিলে পৃথিৱীৰ তাপমাত্রাই এনে এক পর্যায়লৈ গতি কৰিব যে এই গ্রহত মানুহ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব৷ তাপমাত্রা বৃদ্ধি আৰু অতিৰিক্ত নগৰায়নৰ ফলত আগন্তুক দশকটোত উন্নত আৰু উন্নয়নশীল দেশবোৰত অসুস্থ তথা বয়োজ্যেষ্ঠ মানুহৰ আয়ু যথেষ্ট হ্রাস পাব৷ একেই প্রভাৱ দেখিবলৈ পোৱা যাব শিশু আৰু অন্তঃসত্ত্বা মহিলাসকলৰ ক্ষেত্রত৷
Prev Post
You might also like