নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাথোঁ দুদিনীয়া : হিয়াৰ আমঠু তেজস্বিতাৰ হৈ সাক্ষ্য দিবলৈ নোলাল কোনো আৱেগিক মাজুলিয়াল

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰ : দুদিনীয়া। ঘটনাৰ পিছত হল বহু হৈ-হাল্লা। কিন্তু তাৰ পিছত হল কি। কি পালে তাই। কি হব লাগিছিল, পিছে হল কি। তদন্ত প্ৰক্ৰিয়া চৰকাৰী তৰফৰ পৰা ঠিকেই হল, কিন্তু সাক্ষ্যদাতাৰ অভাৱত বোন্দাপৰ দিলে বিষয়াই। অৱশেষত সাক্ষ্যবিহীনভাৱেই সামৰিলে আজিৰ দিনটো। অৱশেষত বঢ়ালে সাক্ষ্য দিয়াৰ দিন। এয়াই আৱেগ… আৱেগৰ জোখেৰে ঠিকেই থকাৰ পিছত সাক্ষ্য দাতাৰ অভাৱতে থমকিব নেকি হিয়াৰ আমঠু তেজস্বিতাৰ মৃত্যু তদন্ত।

পাঁচ অক্টোবৰ মাজুলীবাসীৰ বাবে এটি ক’লা দিন ৷ যিটো দিনত মাজুলীৰ সাংস্কৃতিক জগতৰ অন্যতম সম্পদ তেজস্বিতাই চিকিৎসাৰ অভাৱত মৃত্যুৰে যুজি হাৰ মানি এই পৃথিৱীৰ পৰা মেলানি মাগিছিল৷ তেজস্বিতাৰ মৃত্যুৰ পিছতেই সমগ্ৰ অসমতেই আৱেগৰ বৰষুণ বলিল৷ মাজুলীৰ দুৰ্বল চিকিৎসা ব্যৱস্থাক লৈ লেইলেই -চেইচেই , চৰকাৰৰ চিকিৎসা ব্যৱস্থাক লৈ গুৰি গোষ্ঠি উঘালি গালিও পৰিলে৷ স্বাস্থ্য মন্ত্ৰী জন এজন বিফল স্বাস্থ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে বুলিও নেলু ফুলাই সাংবাদিকৰ সন্মুখত প্ৰতিবাদ কৰা হল ৷ কিন্ত কাৰ্য্যত এই সকলোবোৰ যে ফুতুকাৰ ফেন আছিল ৷ মাজুলী বাসীৰ আৱেগ তুঁহজুইত পৰিনত হল ৷ ঘৰিয়ালৰ চকুলো তুকিছিল মাজুলীবাসীয়ে সেই কথাই আজি পতিপন্ন হৈছে ৷ কাৰন মাজুলী জিলা প্ৰশাসনে ১০ অক্টোবৰত এক ৰাজহুৱা জাননী যোগে ১২ অক্টোবৰৰ বিয়লি ৩ বজাৰ ভিতৰত তেজস্বিতাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত ৰাজহুৱা সাক্ষ্য তদন্তকাৰী বিষয়াৰ ওচৰত বানীবদ্ধ বা লিপিবদ্ধ কৰিবলৈ আহ্বান জনাইছিল ৷

কিন্তু অতি পৰিতাপৰ কথা যে এজনো ব্যক্তি, দল, সংগঠনৰ নেতা , সচেতন লোক সাক্ষ্য দিবলৈ নাহিল ৷ মাজুলী বাসীৰ ক্ষন্তেকীয়া আৱেগ মাৰ গল, দুদিনতে পাহৰিলে তেজস্বীতাৰ দৰে সম্ভাৱনাপূৰ্ণ শিল্পীক হেৰোৱাৰ বেদনা ৷ জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ দিনা বিয়লি একাংশ লোক চিকিৎসালয় ভাঙিবলৈও উদ্দত হৈছিল, কেইবাটাও সংগঠনৰ লোক ঘটনা সংঘটিত হোৱা সময়ত চিকিৎসালয়ত উপস্থিত আছিল কিন্তু আজিৰ তাৰিখত সেইসকলৰ আৱেগ কত হেৰাল, দুদিনতে কিয় পাহৰিলে ফুলকুমলীয়া তেজস্বিতাৰ মৃত্যু যন্ত্ৰণা ৷

ইফালে আজি এই প্ৰতিবেদকে তদন্তকাৰী বিষয়া ড° সঞ্জীব কুমাৰ ফুকনৰ পৰা সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত জানিব বিচৰাত বিষয়া জনে ঘটনাৰ দিনাই মাজুলীৰ উপায়ুক্ত পুলক মহন্তৰ নিৰ্দেশত ঘটনাৰ তদন্ত আৰম্ভ হৈছে বুলি জানিবলৈ দিয়াৰ লগতে আজি বিয়লি ৪ বজা পৰ্যন্ত মাজুলীৰ কোনো লোকেই ঘটনাৰ সাক্ষ্য অথৱা ঘটনা সম্পৰ্কে মন্তব্য বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অহা নাই বুলি জানিবলৈ দিয়ে ৷ বিষয়া জনে ইতিমধ্যেই চিকিৎসালয় খনৰ চিকিৎসক, সেইদিনাৰ চিকিৎসালয় খনৰ তত্ত্বাৱধায়কৰ পৰা ইতিমধ্যেই প্ৰথম পৰ্যায়ৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু চি চি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি তন্ন তন্নকৈ তদন্ত চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে ৷

দ্বিতীয় পৰ্যায়ত তেজস্বীতাৰ পৰিয়ালৰ পৰা সাক্ষ্য লৈ অহা ১০ দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া শেষ কৰি তদন্তৰ প্ৰতিবেদন জিলা উপায়ুক্তক প্ৰদান কৰা হব বুলি বিষয়া জনে আমাক জানিবলৈ দিয়ে ৷ এতিয়া প্ৰশ্ন হয় দুদিনলৈ আৱেগিক হৈ আস্ফালন কৰি তিজস্বিতাৰ মৃত্যুৰ তদন্ত বিচৰা সকল কিয় আজি নিমাতীকন্যা হৈ পৰিল৷ সামাজিক মাধ্যমত বৰ বৰ নিবন্ধ লিখা, সামাজিক মাধ্যমত তেজস্বিতাৰ মৃত্যুৰ তদন্ত বিছৰা, চিকিৎসা বিভাগৰ ওপৰত খৰ্গহস্ত হোৱা সকল এতিয়া কলৈ গল বুলি প্ৰশ্ন উস্থাপিত হৈছে৷ একপ্ৰকাৰে বৰ্তমান অনিশ্চয়তাত তেজস্বীতাৰ তদন্ত প্ৰক্ৰিয়া সোমাই পৰা পৰিলক্ষিত হৈছে ৷

তেজস্বীতা বৰুৱাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ ৰাজহুৱা শুনানিৰ সময়সীমা বৃদ্ধি

মাজুলীৰ গড়মূৰস্থিত শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত ৫ অক্টোবৰত সংঘটিত তেজস্বিতা বৰুৱাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তকাৰী বিষয়া অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনে জানিবলৈ দিয়া মতে ১২ অক্টোবৰ পৰ্যন্ত তেজস্বীতা বৰুৱাৰ মৃত্যুৰ ঘটনাৰ সংক্ৰান্তত কোনো প্ৰত্যক্ষদর্শী/আগ্রহী ব্যক্তি/ জিলাবাসী ৰাইজ/দল-সংগঠনে নিজৰ ভাষ্য লিপিবদ্ধ কৰিবলৈ উপস্থিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত অহা ইংৰাজী ১৯ অক্টোবৰলৈ শুনানিৰ দিন বৃদ্ধি কৰা হৈছে।উক্ত সময়ছোৱাত কাৰ্যালয় খোলা থকা অৱস্থাত দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জিলা দণ্ডাধীশ, মাজুলীৰ কাৰ্যালয়ত অৱস্থিত অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনৰ কক্ষত নিজৰ ভাষ্য আগবঢ়াবলৈ/লিপিবদ্ধ কৰিব পাৰিব।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 

You might also like