নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বপ্নক সাকাৰ কৰি মুকলি ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ধুবুৰীকে ধৰি পশ্চিম অসম আৰু চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাইজৰ বহু প্ৰতীক্ষিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ আজি গুৱাহাটীৰ পৰা ভাৰ্চুৱেল মাধ্যমযোগে শুভ উদ্বোধন কৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাজ্যৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আইআইটি গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি মুৰ্মুৰ সেই কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদতো আজি অনুষ্ঠিত হোৱা এখন সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই। ধুবুৰীৰ আজিৰ সেই সভাথলীত নিৰ্মিত এখন অস্থায়ী মঞ্চত স্থাপন কৰা এখন বিশাল ডিজিটেল পৰ্দাত উপস্থিত অতিথিকে ধৰি সৰ্বসাধাৰণ ৰাইজ আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যাপক, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ৰাষ্ট্ৰপতিৰ গুৱাহাটীৰ কাৰ্য্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰে। ডিজিটাল পৰ্দাত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰিমোটৰ বুটাম টিপি ধুবুৰীৰ নৱনিৰ্মিত এই চিকিৎসা মহাবিদ্যালয়খনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা প্ৰত্যক্ষ কৰাৰ ল’গে ল’গে ধুবুৰীৰ সভাথলীত উপস্থিত থকা সকলোৱে তুমুল হৰ্ষোধ্বনি আৰু হাত চাপৰিৰে আদৰণি জনায়। উল্লেখ্য যে, ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ গুৱাহাটীৰ আজিৰ সেই কাৰ্য্যসূচীৰ পূৰ্বে প্ৰায় এঘন্টা মান পূৰ্বে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত আয়োজিত সেই ৰাজহুৱা সভাখনৰ শুভাৰম্ভ ঘটে। সভাখনত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ নৱনিযুক্ত অধ্যক্ষা ডা৹ অংকুমণি শইকীয়া, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন প্ৰমুখ্যে কেইবাগৰাকীও বক্তাই ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যালে ধুবুৰী চিকিৎসা মহাবিদ্যালয়খনৰ স্থাপনৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পুৰণি ইতিহাস ৰোমন্থন কৰে আৰু আগলৈ গৈ ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পাঠ্যক্ৰমৰ উপৰিও স্নাতকোত্তৰৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ তখা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ পবিত্ৰ মাৰ্ঘেৰিটাই এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে। তেওঁ কয় যে, ‘‘মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত এসময়ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসলয়ৰ ঠাইত এতিয়া ৯ খন হ’লগৈ৷ আজি ৰাষ্ট্ৰপতি মহোদয়াই ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় হৈছে অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয়৷ আন ১২খন চিকিৎসা মহাবিদ্যালয়ৰ পৰিকল্পনা কৰা হৈছে আৰু সেইসমূহ বিভিন্ন পৰ্যায়ত আছে; অৰ্থ্যাৎ অসমত কিছু বছৰৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২১খন হ’বগৈ৷’’ ধুবুৰীৰ ৰাইজক সকাহ প্ৰদানেৰে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসলয়খন আৰম্ভ হ’ল বুলি উল্লেখ কৰি তেওঁ নিজৰ বুলি ভাৱি ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন পৰিস্কাৰ- পৰিচ্ছন্ন কৰি ৰখাৰ বিষয়টো লৈ দৃষ্টি ৰাখিবলৈ ৰাইজক অনুৰোধ জনায়। নিজৰ ভাষণত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয়খনত দূৰ দূৰণিৰ পৰা অহা চিকিৎসক সকলৰ সৈতে সহমৰ্মিতা, সহযোগিতা কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ সমান্তৰালকৈ চিকিৎসকসকলকো উৎসৰ্গিত মনোভাৱেৰে চিকিৎসা সেৱা আগবঢ়াবলৈ অনুৰোধ জনায়৷ আজিৰ এই সভাখনত ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰ’হমান, বিজেপিৰ জিলা সভাপতি প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসকসকলৰ উপৰিও সৰ্বসাধাৰণ ৰাইজেও আহি স্বতঃস্ফূৰ্ত ভাৱে অংশ লোৱা দেখা যায়। উল্লেখ্য যে, ধুবুৰী চহৰৰ সমীপৰ ঝগৰাৰপাৰত ১০৮ বিঘা ভূমিত ৫০৯ কোটি টকা ব্যয়েৰে নিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ইতিমধ্যে ১১১ গৰাকী ফেকাল্টি চিকিৎসক আৰু ২৮ গৰাকী ছিনিয়ৰ ৰেছিডেন্টৰ জৰিয়তে ২৪ টা বিভাগত চিকিৎসসেৱা আৰম্ভ হৈছে৷ আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ ৰাজ্যৰ এই নৱমখন তথা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত অহা নৱেম্বৰ মাহৰ মাজভাগৰ পৰা এশ গৰাকী শিক্ষাৰ্থীৰে এম বি বি এছ পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হ’ব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like