নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুইজাৰলেণ্ডত নিষিদ্ধ হিজাব–বোর্খা: পৰিধান কৰিলে এহেজাৰ ডলাৰ জৰিমনা

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: বোর্খা আৰু হিজাব পৰিধান কৰিলে জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে ছুইজাৰলেণ্ড চৰকাৰে৷ ইতিমধ্যে ইয়াক লৈ আইন প্রণয়নৰ প্রস্তুতিও চলোৱা হৈছে দেশখনত৷ জনসাধাৰণৰ সুৰক্ষাৰ বিষয়টোত গুৰুত্ব প্রদান কৰিয়ে বোর্খা আৰু হিজাব পৰিধান কৰিলে এহেজাৰ মার্কিন ডলাৰ জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত দেশখনত বোর্খা আৰু হিজাব পৰিধান কৰিলে ৮২ হাজাৰ টকা আদায় দিব লাগিব৷ ইতিমধ্যে এই বিষয়টোৱে সংবাদ মাধ্যমত ব্যাপক চর্চা লাভ কৰিছে৷

You might also like