শ্ৰীঅমৰনাথ যাত্ৰাৰ পৰা উভতি অহা তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন পৰ্যটক বাছ মঙলবাৰে জম্মু-কাশ্মীৰৰ গাণ্ডেৰবল জিলাৰ গনীৱান (Hariganiwan) অঞ্চলত পথৰ পৰা পিছলি যোৱাৰ ফলত ৩৯গৰাকী তীৰ্থযাত্ৰী আহত হয়।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF), ইণ্ডো-তিব্বত সীমা আৰক্ষী (ITBP) আৰু জম্মু-কাশ্মীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় আৰু আটাইকেইজন আহত যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জনোৱা অনুসৰি, বাবা বৰফানীৰ দৰ্শন কৰি উভতি অহা ৩৯গৰাকী তীৰ্থযাত্ৰী বৰ্তমান *শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (SKIMS)ত চিকিৎসাধীন আছে।
উপ-ৰাজ্যপালগৰাকীয়ে কয় যে গাণ্ডেৰবলৰ উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে তেওঁ যোগাযোগ কৰি আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। লগতে সকলো আহত তীৰ্থযাত্ৰীক প্ৰয়োজনীয় সহায় আৰু উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়া হৈছে।
তেওঁ লগতে আহত ভক্তসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়।
ইফালে, ঘটনাৰ অধিক তদন্ত অব্যাহত আছে আৰু দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণ আৰু বেয়া বতৰৰ বাবে ছয় দিন ধৰি স্থগিত হৈ থকা শ্ৰীঅমৰনাথ যাত্ৰা শেহতীয়াকৈ পুনৰ আৰম্ভ কৰা হৈছে। ৩ জুলাইৰ পৰা আৰম্ভ হোৱা এই ৫৭ দিনীয়া তীৰ্থযাত্ৰা অহা ২৮ আগষ্ট, ৰাখীবন্ধনৰ দিনা সমাপ্ত হ’ব।
ডিজিটেল ডেস্ক, ২৮ জুলাই