নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰা মহাবিদ্যালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

বিশেষ বাৰ্তা, ১৫ অক্টোবৰঃ চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন মনজ্যোতি ফাউন্ডেচন, যোৰহাটৰ লগতে চিনামৰা মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহযোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষ্যে আজি এক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি “শিক্ষানুষ্ঠানত হিংসাত্মকতা আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ” সম্পৰ্কীয় এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। সভাখনত সজাগতামূলক বক্তৃতা প্ৰদান কৰে বিশিষ্ট মনোৰোগ বিশেষজ্ঞ তথা যোৰহাট নিউৰ’চাইকিয়াত্ৰি ক্লিনিকৰ চিকিৎসক ডা: দীপজ্যোতি বৰাই। বিষয়টোৰ ওপৰত তেখেতে বিভিন্ন দিশ সামৰি ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো উপকৃত হোৱাকৈ বক্তব্য প্ৰদান কৰে। চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষৰ যুটীয়া সম্পাদিকা অধ্যাপিকা ৰুণু বৰা শইকীয়াই আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে মহিলা কোষৰ স্থায়ী সভানেত্ৰী অধ্যাপিকা দীপশিখা দত্তই। উক্ত সভাখন উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই এক সাৱলীল বক্তব্য দাঙি ধৰে। সভাখনত মহাবিদ্যালয়ৰ শৈক্ষিক তত্ত্বাবধায়ক অধ্যাপক ৰঞ্জু কুমাৰ ভৰালীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। মহাবিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষাৰ্থী উপস্থিত থকা সভাখনতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাত যোৰহাট আইন মহাবিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা কৃতী শিক্ষাৰ্থী অনিন্দিতা বৰাক সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত শলাগ জ্ঞাপন কৰে মহিলা কোষৰ সদস্যা শেৱালী শইকীয়া বৰদলৈয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত বহুকেইজন বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like