নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগদৈৰ ভগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ডিজিটেল ডেস্ক, ২৮ জুলাই : সাম্প্ৰতিক বানপানীত ক্ষতিগ্ৰস্ত হোৱা টীয়ক সমষ্টিৰ শ’লমৰা, দ-গাঁও অঞ্চলত ভোগদৈ নদীৰ ভগা মাথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্তই। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত অংশসমূহৰ বুজ লয় আৰু চলি থকা মেৰামতি তথা পুনৰ্নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বিষয়ে বিষয়াবৰ্গৰ পৰা তথ্য সংগ্ৰহ কৰে।

মন্ত্ৰী মহন্তই কয় যে বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মথাউৰিটো দ্ৰুতগতিত পুনৰ্নিৰ্মাণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্থানীয় ৰাইজৰ সুৰক্ষা আৰু ভৱিষ্যতে এনে দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰাৰ লক্ষ্যৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে। পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক, বিভাগীয় অভিযন্তা, জিলা প্ৰশাসনৰ বিষয়ববীয়া, স্থানীয় জনপ্ৰতিনিধি উপস্থিত থাকে।

You might also like