নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেৰফাংগুৰিৰ জনতা কলেজৰ নৱাগত আদৰণী সভা

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : কোকৰাঝাৰৰ ছেৰফাংগুৰিস্থিত জনতা কলেজত আজি এক উচ্ছাহ আৰু মনোজ্ঞ পৰিবেশত নবাগত আদৰণী সভা মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বিতোৰাই ব্ৰহ্মৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ নিলু স্বৰ্গয়াৰী আৰু সন্মানিত অতিথি হিচাপে থাকে বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নয়নজ্যোতি দাসে। অনুষ্ঠানতে জনতা কলেজৰ মহিলা কোষৰ দ্বাৰা সম্পাদিত গবেষণাধৰ্মী গ্ৰন্থ আইজো উন্মোচন কৰে ডঃ নিলু স্বৰ্গয়াৰীয়ে। লগতে জনতা কলেজৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ডঃ লীনা শৰ্মাৰ দ্বাৰা ৰচিত গবেষণা ধৰ্মী ‘চাওঁতলী  লোক সাহিত্য ‘নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। লগতে হীৰেণ দাসৰ দ্বাৰা সম্পাদিত আৰু ডঃ লীনা শৰ্মাৰ  সহকাৰী সম্পাদনাত ৰচিত আন এখন গ্ৰন্থ উন্মোচন এই অনুষ্ঠানতে উন্মোচন কৰা হয়। এই অনুষ্ঠানত জনতা ইংৰাজী বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক তথা বিএইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নয়নজ্যোতি দাসে নিজৰ আৰ্থিক অনুদানেৰে প্ৰয়াত মাতৃ নামত উৎসৰ্গিত লেট অমৃতলতা পাঠক শ্ৰেষ্ঠ স্নাতক বটা সপ্তম বাবে এইখন মহাবিদ্যালয়ৰ এইবছৰৰ শ্ৰেষ্ঠ শ্নাতক নিলুৎ নাৰ্জাৰীক প্ৰদান কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ নিলুৎ স্বৰ্গয়াৰীয়ে। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকল অধ্যায়নশীল হবলৈ মহাবিদ্যালয়খন  ভাৰপ্ৰাপ্ত অধ্যক্ষ বিতোৰাই ব্ৰহ্মই এই অনুষ্ঠানত আহ্বান জনায়। আজিৰ অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ নিলুৎ স্বৰ্গয়াৰীয়ে ছাত্ৰ পঢ়া শুনাৰ জৰিয়তে ভাল মানুহ হবলৈ আহ্বান জনায়। এই অনুষ্ঠানটোত বিএইচবি মহাবিদ্যালয় অধ্যক্ষ ডঃ নয়ন জ্যোতি দাসে নিজৰ কেৰিয়াৰ প্ৰতি যত্নবান হবলৈ আহ্বান জনায়। অনুষ্ঠানতে মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ দাহাল খুংগুৰ নাৰ্জাৰীয়ে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মনোজ্ঞ বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে উপস্থিত থাকে। পিছত ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like