বটদ্রৱাত ভূমি বেদখলৰ বিষয়ে ব্যাপক চর্চা ঃ বটদ্রৱা থানৰ প্রায় পাঁচশ বিঘা ভূমিত চলি আছে বেদখল ঃ চৰকাৰী ভূমিত ঘৰ–বাৰী সাজি চৰকাৰী সুবিধা আদায় বেদখলকাৰীৰ
নিয়মীয় বার্তা, ২০ অক্টোবৰঃ গুৰুজনাৰ পৱিত্র জন্মভূমি শ্রীশ্রীবটদ্রৱা থানৰ আশে–পাশে থকা বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত থকা বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷ বিশেষকৈ এই চৰকাৰী ভূমিত এটা বিশেষ সম্প্রদায়ৰ লোকে ঘৰ–বাৰী সাজি বিদ্যুৎ সংযোগৰ লগতে সকলো চৰকাৰী সা–সুবিধা লাভ কৰা বিষয়টো অতি তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি বটদ্রৱা থানৰ সমীপৰ এই চৰকাৰী ভূমি বেদখলৰ বিষয়টো সন্দর্ভত বটদ্রৱা থান পৰিচালনা সমিতিয়ে বাৰম্বাৰ নগাঁও জিলা প্রশাসন আৰু ৰাজ্য চৰকাৰক অৱগত কৰি আহিছে যদিও এইক্ষেত্রত প্রশাসনে কোনো কার্যকৰী ব্যৱস্থা গ্রহণ নকৰা বাবেই বেদখলকাৰীয়ে বীৰদর্পে বেদখল সম্প্রসাৰণ কৰি আছে৷ আনকি এই বেদখলকাৰীৰ অধিকাংশই বিভিন্ন অপৰাধৰ লগত জডিত হৈ থকাৰো তথ্য সদৰী কৰিছিল আৰক্ষীয়ে৷ যিটো সময়ত শ্রীশ্রীবটদ্রৱা থানক অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পর্যটনৰ অন্যতম কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে ‘বটদ্রৱা প্রকল্প’ নামেৰে এক অভিলাষী আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়ি ইতিমধ্যে কাম–কাজ চলাই আছে, সেইটো সময়তে ইতিহাসপ্রসিদ্ধ থানখনৰ চৌপাশে এক বৃহৎ পৰিমাণৰ ভূমি বেদখলকাৰীয়ে বেদখল কৰি থানখনৰ ঐতিহ্য আৰু ধর্মীয় পৰম্পৰাৰ প্রতি চৰম ভাবুকি কঢ়িয়াই অনা কার্যই বিশেষ তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে বটদ্রৱা থানৰ নামত প্রায় ৩০০ বিঘা ভূমি আবণ্টন হৈ আছে যদিও থানখনৰ চৌপাশে থকা এক বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে৷ বিশেষকৈ হাইডুবি পথাৰৰ ৩৪৬নং দাগৰ প্রায় ৮০ বিঘা মাটি, বটদ্রৱা বৰহিছা সত্রৰ ১২৩নং দাগৰ ১২৩ বিঘা মাটি, কৃষি বীজ পামৰ ৩৪৬নং দাগৰ ১৫০ বিঘা মাটি, শান্তিজান বজাৰৰ প্রায় ৫ বিঘা মাটি আৰু ভোমোৰাগুৰি কিচামৰ ৭৩৩নং দাগৰ ১০৪ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে৷ এই তথ্য অনুসৰি বটদ্রৱাৰ চৌপাশে এতিয়া প্রায় পাঁচশ বিঘা ভূমি বেদখল হৈ আছে৷ এই বেদখলীকৃত ভূমিত বেদখলকাৰীয়ে চৰকাৰী আঁচনিৰ সকলো সা–সুবিধা লাভ কৰাৰ লগতে বিদ্যুৎ সংযোগো লাভ কৰিছে৷ একাংশই কৃষিভূমি আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি ব্যক্তিগত লাভালাভ আদায় কৰি আহিছে৷ ঠিক একেদৰে হাইডুবি পথাৰ আৰু বটদ্রৱা বৰহিছা সত্রৰ দুশ বিঘাৰো অধিক ভূমিত বেদখলকাৰীয়ে অধিকাৰ কৰি অহাৰ লগতে কৃষি বীজ পাম আৰু হাইডুবি কিচামৰ ভেটিয়নি গাঁৱৰ পিছফালে জমাইবস্তিত পকী ঘৰ–দুৱাৰ সাজি শতাধিক লোকে প্রায় আঢ়ৈশ বিঘা মাটি বেদখল অব্যাহত ৰাখিছে৷ একেদৰে শান্তিজান বজাৰৰ প্রায় পাঁচ বিঘা মাটি পুখুৰী খান্দি দখল কৰি আহিছে বেদখলকাৰীয়ে৷ গুৰুজনাই শিক্ষা গ্রহণ কৰা মহেন্দ্র কন্দলী সংস্কৃত টোলৰ অৱস্থিতি থকা ৰামপুৰ সত্র আজি অস্তিত্বহীন৷ সতী ৰাধিকাৰ জন্মস্থান বটদ্রৱাৰ কোবাইকটা সত্র আজি বেদখলকাৰীৰ কবলত আছে৷ প্রাক্তন সৈনিকৰ নামত আবণ্টিত ৩০০ বিঘা ভূমিও বেদখলকাৰীৰ কবলত৷ দীর্ঘদিন ধৰি বটদ্রৱা থানৰ চৌদিশে থকা এই চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ চেষ্টা চলাই আহিছে যদিও কি কাৰণে সফল হ’ব পৰা নাই, সেইটো এতিয়া লাখটকীয়া প্রশ্ণ হৈ পৰিছে৷ এনে প্রেক্ষাপটত অসমৰ বৃহৎ ধর্মীয় অনুষ্ঠান বটদ্রৱা থানৰ চৌদিশে চৰকাৰী ভূমিত চলোৱা মাফিয়াগিৰিয়ে ভৱিষ্যতে এক অশনি সংকেত কঢ়িয়াই আনিছে৷ অৱশ্যে বিজেপি চৰকাৰৰ প্রথমটো কার্যকালত বটদ্রৱা থানাৰ কিছু ভূমিৰ বেদখলত প্রশাসনে উচ্ছেদ চলাইছিল৷ আনহাতে, সত্রকে আদি কৰি সকলো ধর্মীয় অনুষ্ঠানৰ ভূমি বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কঠোৰ স্থিতি লোৱাৰ সময়তে এইক্ষেত্রত কি পদক্ষেপ গ্রহণ কৰে, সেইটো স্বাভাৱিকতে লক্ষণীয় হ’ব৷ মন কৰিবলগীয়া বিষয় যে বটদ্রৱাৰ বেদখল সন্দর্ভত ‘নিয়মীয়া বার্তা’ত ইতিপূর্বে বিতংকৈ প্রকাশ পাইছিল৷ আনকি এই বাতৰিৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়ে জিলা উপায়ুক্তৰ পৰা প্রতিবেদন বিচাৰি নির্দেশনা জাৰি কৰিছিল যদিও নগাঁও জিলা প্রশাসনে এইক্ষেত্রত প্রদর্শন কৰা দুর্বল ভূমিকাৰ বাবে এই বিষয়টো তল পৰি ৰয়৷ কিন্তু শেহতীয়া পৰিস্থিতিত চৰকাৰ তথা প্রশাসনৰ ভূমিকা স্বাভাৱিকতে লক্ষণীয় হ’ব৷