নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: ধর্ষণৰ অভিযোগ থকাৰ পাছতো এলাহাবাদ উচ্চ ন্যায়ালয়ে ৫ অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছে৷ নির্যাতিতাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ চর্তত এই অভিযুক্ত লোককেইজনক ন্যায়ালয়ে মুক্তি দিয়ে৷ যোৱা মাহত চাৰিজন এনে অভিযুক্তক মুক্তি দিছিল ন্যায়ালয়ে৷ পুনৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে এই বিষয়টোত গুৰুত্ব প্রদান কৰি ১০ অক্টোবৰত ধর্ষণত অভিযুক্ত এজন লোকক মুক্তি দিছে৷ সংবাদ সংস্থাই প্রকাশ কৰা প্রতিবেদন অনুসৰি মনু নামৰ অভিযুক্তজনক জামিন দিয়া হয় দুটা দিশৰ ওপৰত নজৰ ৰাখি৷ প্রথমতে নির্যাতিতা আৰু তেওঁৰ পিতৃয়ে এইক্ষেত্রত কোনোধৰণৰ আপত্তি কৰা নাই৷ ইয়াৰ উপৰি নির্যাতিতা আৰু অভিযুক্তৰ মাজত আছে এটি সন্তানো৷ এনে পৰিস্থিতিত আদালতে উল্লেখ কৰে যে ১৫ দিনৰ ভিতৰতে নির্যাতিতাক বিয়া কৰাব লাগিব অভিযুক্ত মনুৱে৷ এই চর্তৰ ওপৰত ভিত্তি কৰি মনুৰ জামিন মঞ্জুৰ কৰিছে শীর্ষ আদালতখনে৷ স্মর্তব্য যে মনুৰ বিৰুদ্ধে পকছো আইনত গোচৰ চলিছে, কাৰণ নির্যাতিতাৰ বয়স ১৭ বছৰ৷