নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচন আয়োগৰ ৰায়ত সাংসদৰ মর্যাদা হেৰুৱালে ইমৰান খানে

নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ : বিদেশী ৰাষ্ট্রনেতাসকলৰ পৰা পোৱা উপহাৰ বেআইনীভাৱে বিক্রী কৰাৰ অভিযোগত পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰিলে দেশখনৰ নির্বাচন আয়োগে৷ আজি আয়োগৰ তৰফৰ পৰা ইমৰান খানে সংসদ নাইবা চৰকাৰৰ কোনো পদবী গ্রহণ কৰিব নোৱাৰিব বুলি ৰায়দান কৰিছে৷ পাকিস্তানী সংসদৰ নিম্ন সদন নেচনেল এছেম্বলীৰ পৰাও ইমৰান খানক বর্খাস্ত কৰা হৈছে৷ আগন্তুক ৫ বছৰলৈ ইমৰান খানে কোনো নির্বাচনতো অংশগ্রহণ কৰিব নোৱাৰিব৷ উল্লেখনীয় যে প্রধানমন্ত্রী হৈ থকা অৱস্থাতে ইমৰান খানে বিদেশী ৰাষ্ট্রনেতাসকলৰ পৰা পোৱা উপহাৰ চৰকাৰী কোষাগাৰত জমা ৰখাৰ বিপৰীতে বেআইনীভাৱে বিক্রী কৰিছিল৷

You might also like