নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নিচাযুক্ত টেবলেটসহ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ধুবুৰী চহৰৰ নয়া মচজিদ অঞ্চলৰ এটা ভাৰাঘৰৰ পৰা আজি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেৱলেটসহ এজন ড্ৰাগচ সৰৰাহকাৰীক হাতে-লোটে কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত, আজি ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ এটি দলে অঞ্চলটোৰ নয়া মচজিদ অঞ্চলৰ এটা ভাৰাঘৰত অতৰ্কিতে এক অভিযান চলাইছিল। সেই অভিযানটোত ১২০০ নিচাযুক্ত টেৱলেটসহ আব্দুল কৰিম বেপাৰী (৫৫) নামৰ ব্যক্তি এজনক হাতেলোটে কৰায়ত্ত কৰে আৰক্ষীয়ে। ধুবুৰীৰ তামাৰহাটৰ হাতীধুৰা অঞ্চলৰ বাসিন্দা ধৃত সেই ড্ৰাগচ সৰবৰাহকাৰীজন ধুবুৰীত ভাৰা লোৱা ঘৰটোৰ পৰাই নিচাযুক্ত ঔষধৰ বেহা চলাই থকা বুলি সন্দেহ কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like