নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃবিশ্বৰ প্রাণীৰ সন্ধানত নাছাৰ বিশেষ অভিযান

ৱাশ্বিংটন, ২২ অক্টোবৰ ঃ মানৱ জাতিৰ বাবে সদায়ে ৰহস্যজনক হৈ থকা আনআইডেণ্টিফাইড ফ্লায়িং অৱজেক্ট চমুকৈ ইউএফ’ৰ সন্ধান চলাব নাছাই৷ আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই বহিঃবিশ্বৰ প্রাণীক লৈ চলি থকা অর্থাৎ ইউএফ’ক লৈ চলি থকা ৰহস্য ভেদ কৰিবলৈ বিশেষ অনুসন্ধান গোট গঠন কৰিছে৷ পৃথিৱীৰ আকাশত সঘনাই ইউএফ’ৰ স্থিতি চর্চালৈ আহে যদিও এই ইউএফ’ক লৈ এতিয়াও বিজ্ঞানীসকলে সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ ক’ৰ পৰা কেনেকৈ আকাশলৈ এই ইউএফ’সমূহ আহে, তাক লৈ সাধাৰণ জনতাৰ মাজতেই নহয়, বিজ্ঞানীসকলৰ মাজতো সদুত্তৰ নাই৷ এনে কাৰণতে আকাশত ওলোৱা ইউএফ’ৰ ৰহস্য উদ্ঘাটন কৰিবলৈ নাছাই বিশেষ অনুসন্ধান গোট গঠন কৰিছে৷ ১৬জনীয়া এই বিশেষ অনুসন্ধান গোটটোৱে দশক দশক ধৰি চলি থকা প্রশ্ণৰ উত্তৰ উলিওৱাত গুৰুত্ব দিব৷ অক্টোবৰৰ ২৪ তাৰিখৰ পৰাই ৯ মাহজোৰা ইউএফ’ৰ অনুসন্ধান অভিযান আৰম্ভ হ’ব৷ নাছাই টুইটাৰযোগে প্রকাশ কৰা মতে, ইউএফ’ৰ এই স্বতন্ত্র অনুসন্ধানত ১৬ বিজ্ঞানীক নির্বাচিত কৰা হৈছে৷ মন কৰিবলগীয়া যে চলিত বর্ষৰ আৰম্ভণিতে আমেৰিকাৰ প্রতিৰক্ষা বিভাগৰ শীর্ষ বিষয়াই আকাশত বিগত ২০ বছৰৰ ভিতৰত সর্বাধিক ইউএফ’ৰ স্থিতি দেখিবলৈ পোৱা বুলি উল্লেখ কৰি এই সন্দর্ভত পদক্ষেপ গ্রহণৰ আহ্বান জনাইছিল৷ তাৎপর্যপূর্ণ যে বিগত অর্ধশতিকাৰ ভিতৰত প্রথমবাৰৰ বাবে এনেধৰণৰ আহ্বান জনোৱা হৈছে৷

You might also like