নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋণ পৰিশোধ নকৰিলে নিলাম কৰা হয় যুৱতীক; ৰাজস্থানৰ ভিলৱাৰাৰ ঘটনাক লৈ দেশজুৰি চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: ৰাজস্থানত বিবাদ নিষ্পত্তিৰ কাৰণে কিশোৰী– যুৱতীৰ নিলাম তথা মহিলাক ধর্ষণৰ ঘটনাক কেন্দ্র কৰি সমগ্র দেশজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ গাঁৱত বিভিন্ন চর্তত দিয়া হয় ঋণ৷ এই ঋণ পৰিশোধ কৰিব নোৱাৰিলে বাকী ধন পাবলৈ নিলামত তোলা হয় ঘৰৰ যুৱতী–কিশোৰীসকলক্, যিয়েই এই যুৱতী–কিশোৰীক ক্রয় কৰিব তেওঁ চৰকাৰী ষ্টাম্প পেপাৰত দলিলসহ লাভ কৰে ‘ক্রীতদাসী’ৰ মালিকানা৷ এনেদৰে প্রশাসনৰ জ্ঞাতসাৰে নাৰী কিনা–বেচা প্রথা চলি আহিছে ৰাজস্থানৰ বিভিন্ন গাঁৱত৷

শেহতীয়াকৈ ৰাষ্ট্রীয় মহিলা আয়োগে এই অভিযোগ লাভ কৰিছে৷ ৰাষ্ট্রীয় মহিলা আয়োগৰ তৰফৰ পৰা এটা প্রতিনিধি দলক এই ঘটনাৰ তদন্তৰ বাবে প্রেৰণ কৰা হৈছে ৰাজস্থানলৈ৷ মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শর্মাই উল্লেখ কৰা অনুসৰি, ৰাজস্থানৰ ভিলৱাৰাত শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে৷ তদন্তকাৰী দলটোৱে ৰাজস্থানৰ মুখ্য সচিব আৰু ভিলৱাৰাৰ আৰক্ষী বিষয়াৰ সৈতে আলোচনা কৰিব৷ যোৱা ২৬ অক্টোবৰত এখন দৈনিক কাকতৰ প্রতিবেদনত এই তথ্য সদৰী হোৱাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ উল্লেখনীয় যে ৰাজস্থানৰ বহু ভিতৰুৱা গাঁৱত আজিও এই প্রথাৰে নাৰীক ক্রীতদাসী কৰি ৰখা বুলি বিভিন্ন মহল সৰৱ হৈছে৷

You might also like