নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: অকল অস্ত্র চলোৱাতেই নহয়, এইবাৰ বাধ্যতামূলকভাৱে হাত চলাবলৈ শিকিব লাগিব চীন সীমান্তত পহৰাত নিযুক্ত ভাৰতীয় সৈনিকসকলে৷ মূলতঃ ভাৰত–চীন প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত নিয়োজিত ইণ্ডো–তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)ৰ বাবে এই নিয়ম আৰম্ভ কৰা হ’ব৷ সেনা সূত্রই প্রকাশ কৰা অনুসৰি, জুডো, কাৰাটেৰ দৰে মার্চিয়েল আর্ট শিকোৱা হ’ব সৈনিকসকলক৷ যুদ্ধ কৌশলৰ সৈতে সংগতি ৰাখি সৈনিকসকলে এই কৌশলবোৰ শিকিব লাগিব৷ গালৱান সংঘর্ষৰ পৰা এই শিক্ষা লাভ কৰিছে ভাৰতীয় সেনাই৷ আক্রমণাত্মক আৰু ৰক্ষাত্মক দুয়োধৰণৰ কৌশল এতিয়াৰে পৰা আইটিবিপিৰ জোৱানসকলৰ বাবে বাধ্যতামূলক হ’ব৷